নিউজ ডেস্কঃ শনিবাৰে জনতা ভৱনত কৃষি বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে কেবিনেট মন্ত্ৰী অতুল বৰাই এক বৈঠকত মিলিত হৈ “প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি” আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰখনে কৃষকসকলৰ সবলীকৰণ আৰু সমৃদ্ধি নিশ্চিত কৰাৰ বাবে বিশেষ অগ্ৰাধিকাৰ দি আহিছে। কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি “প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি”ৰ অধীনত ৰাজ্যখনৰ সৰ্বাধিক সংখ্যক যোগ্য কৃষকৰ নাম অন্তৰ্ভুক্তিৰ বাবে কৃষি বিভাগে নিৰন্তৰ কাম কৰি আছে।
এই আচঁনিখনৰপৰা যাতে কোনো কাৰণতে প্ৰকৃত কৃষকৰ নাম বাদ পৰি নাযায়, তাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা শীঘ্ৰেই গ্ৰহণ কৰিবলৈ মন্ত্ৰী অতুল বৰাই সংশ্লিষ্ট বিষয়াসকলক নিদেৰ্শ দিয়ে।
উক্ত বৈঠকত অসম চৰকাৰৰ কৃষি বিভাগৰ অতিৰিক্ত মুখ্য সচিব তথা কৃষি উৎপাদন আয়ুক্ত ডাঃ আশিস কুমাৰ ভূটানী, কৃষি সঞ্চালক ভাস্কৰ পেগুকে ধৰি অন্যান্য বিষয়াসকল উপস্থিত থাকে।
লগতে পঢ়ক – শিশু নিৰ্যাতনকাৰী সংগীতা দত্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ