নিউজ ডেস্ক: অহা ২৬ মাৰ্চৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গঁড়ৰ গণনা আৰম্ভ হ’ব। বুধবাৰে বন বিভাগে জনোৱা মতে তিনিদনৰ বাবে এই গণনা চলিব।

উল্লেখযোগ্য যে Unesco-ৰ World Heritage site কাজিৰঙাত বিশ্বৰ দুই-তৃতীয়াংশ গঁড়ৰ জনসংখ্যা আছে।

পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ মাণ্ডলিক বন বিষয়া ৰমেশ কুমাৰ গগৈয়ে অহা ২৬ৰ পৰা ২৮ মাৰ্চলৈ চলিব লগীয়া ‘চতুৰ্দশ গঁড়ৰ জনসংখ্যা পৰিমাপণ ২০২২’ৰ বাবে কাজিৰঙাৰ আটাইকেইটা ৰেঞ্জতে হাতীৰ ছাফাৰি বন্ধ থাকিব।

অৱশ্যে নিৰ্দিষ্ট দিনৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ পৃঠক পৃঠক ৰেঞ্জত জীপ ছাফাৰি খোলা থাকিব। উক্ত তিনিদিনত পৰ্য্যটকৰ অধিক কাৰণে গণনা কাৰ্য্যত যাতে কোনো অসুবিধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

লগতে পঢ়ক – পাঁচ ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ শেহতীয়া তথ্য Live

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply