ভাৰত আৰু উত্তৰ-পূবৰ আটাইতকৈ ধনী আৰু দুখীয়া মুখ্যমন্ত্ৰী কোন জানিব বিচাৰে? দেশৰ ৩০ জন মুখ্যমন্ত্ৰীৰ অন্তিম নিৰ্বাচনী শপতনামাৰ বিশ্লেষণে আকৰ্ষণীয় তথ্য প্ৰকাশ কৰিছে।

দ্য প্ৰিণ্টৰ বাতৰি মতে, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডী ভাৰতৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী। আনহাতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মুঠ সম্পত্তি আটাইতকৈ কম। 

সেইদৰে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভাৰতৰ আটাইতকৈ শিক্ষিত মুখ্যমন্ত্ৰী।

ইপিনে,  ভাৰতৰ আঠজন মুখ্যমন্ত্ৰীৰ আছে আগ্নেয়াস্ত্ৰ। 

উত্তৰ-পূবৰ মুখ্যমন্ত্ৰীসকলৰ ভিতৰত আটাইতকৈ ধনী কোন?

১০০ কোটি টকাৰ অধিক সম্পত্তি থকা মুখ্যমন্ত্ৰী হৈছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু। তেওঁৰ মুঠ সম্পত্তিৰ মূল্য ১৩২ কোটি টকা।

ইফালে, উত্তৰ-পূবৰ আঠজন মুখ্যমন্ত্ৰীৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আটাইতকৈ দুখীয়া। অসমৰ মুখ্যমন্ত্ৰীৰ মুঠ মূল্য মাত্ৰ ১.০৪ কোটি।

আগ্নেয়াস্ত্ৰ থকা ভাৰতৰ আঠজন মুখ্যমন্ত্ৰীৰ ভিতৰত তালিকাখনত উত্তৰ পূবৰ মাত্ৰ দুজনেহে স্থান লাভ কৰিছে।

ছিকিমৰ মুখ্যমন্ত্ৰী পি এছ তামাং আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন সিঙৰ ওচৰত আগ্নেয়াস্ত্ৰ আছে।

ছিকিমৰ মুখ্যমন্ত্ৰী পি এছ তামাঙৰ ৩ লাখ টকাৰ এটা ৰিভলভাৰ আছে যিটো তালিকাখনত থকা আটাইতকৈ ব্যয়বহুল অস্ত্ৰ।

মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন সিঙৰ ১.৭৫ লাখ টকাৰ এটা পিষ্টল আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply