নিউজ ডেস্ক: কলকতা নন্দনত অনুষ্ঠিত চলচিত্ৰ মহোৎসৱত মঞ্জুলা হাজৰীকাৰ চুটি গল্পৰ আধাৰত নিৰ্মিত ‘আই’ নামৰ চুটি ছবিখনে ‘ঋতিক ঘটক বঁটা’ৰে সন্মানিত হয় । ভাৰতত নির্মিত চুটি ছবি আৰু তথ্যচিত্ৰৰ উপৰি পাকিস্তান, বাংলাদেশ, নেপাল, শ্রীলংকাত নির্মিত ৭২খন ছবিৰ ভিতৰত ২৮খন ছবি প্ৰদৰ্শনৰ বাবে মনোনীত হোৱা ষষ্ঠ দক্ষিণ এছীয় চুটি ছবি মহোৎসৱত সন্মানীত আৰু প্ৰদৰ্শিত হয় মঞ্জুলা হাজৰিকাৰ চুটি গল্পৰ আধাৰত নিৰ্মিত ‘আই’ নামৰ চুটি ছবিখন।
অনুপজ্যোতি চৌধুৰী পৰিচালিত, জলী লস্কৰ, ৰণাল্ড হুছেইনে মুখ্য চৰিত্ৰত অভিনয় কৰা ছবিখনে ইতিমধ্যে বহুকেইটা মহোৎসৱত প্ৰদৰ্শিত হৈছে। মঞ্জুলা হাজৰিকাৰ প্রযোজনাত মঞ্জুল বৰুৱাৰ চিত্ৰনাট্য, শব্দ গ্ৰহণ আৰু মিক্সিং দেৱজিত গায়ন আৰু ছবিখন চিত্ৰগ্ৰহণ কৰে সুমন দুৱৰাই
উল্লেখ্য যে কলকাতাৰ নন্দনত অনুষ্ঠিত চলচ্চিত্ৰ মহোৎসৱত ‘সত্যজিৎ ৰয় বঁটা’ অর্থাৎ গ’ল্ডেন এৱাৰ্ড লাভ কৰিছে শ্রীলংকাই। মৃণাল সেন বঁটা অৰ্থাৎ ছিলভাৰ এৱাৰ্ড লাভ কৰিছে বাংলাদেশে।
লগতে পঢ়ক: বন্ধ হ’ব ৩৩,৫৮৩ জন শিক্ষকৰ দৰমহা