বৰপেটা : বৰপেটা জিলাত ভয়াবহ ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া। খহনীয়াৰ কবলৰ পৰা নৈ পৰিয়া ৰাইজে ঢাপলি মেলিছে সুৰক্ষিত স্থানৰ সন্ধানত। বিশেষকৈ দক্ষিণ বৰপেটাৰ কাশিমপুৰত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াই কালৰূপ ধৰণ কৰাত দুদিনত গৃহহীন হৈছে ২০ টাকৈ পৰিয়াল। খহনীয়া কবলত পৰা ৰাইজৰ খবৰ লবলৈ সময় নাই জনপ্ৰতিনিধিৰ। কুম্ভকৰ্ণৰ নিদ্ৰাত জলসম্পদ বিভাগ।
বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত কাছুমাৰাত ব্ৰক্ষপুত্ৰ নদীৰ খহনীয়াই তাণ্ডৱৰ সৃষ্টি কৰিছে। ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰ কালৰূপ দেখি শংকিত হৈ পৰিছে নৈ পৰিয়া ৰাইজ৷ ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰ কবলত পৰি এটাৰ পিছত আনটো ঘৰ জাহ হৈছে ব্ৰহ্মপুত্ৰৰ বুকুত। ইতিমধ্যে নৈ পৰিয়া লোক সকলে ঘৰ-দুৱাৰ ভাঙি নিৰাপদ স্থানৰ সন্ধানত হাবাথুৰি খাই থকা দেখিবলৈ পোৱা গৈছে।
ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াই কাছুমাৰাৰ বিস্তৃৰ্ণ অঞ্চলত বিধ্বংসী তাণ্ডৱ চলাই থকাত বহু পৰিয়ালৰ ঘৰ-দুৱাৰ চকুৰ সন্মুখতে ব্ৰক্ষপুত্ৰ নদীয়ে উটুৱাই নিয়াত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ কাছুমাৰাৰ কাশিমপুৰ অঞ্চলত বিগত দুদিনত ২০ টাকৈ পৰিয়াল গৃহহীন হোৱাত পৰিয়াল কেইটাই অতি দুখ-কষ্টৰ মাজেৰে দুৰ্ৱিষহ জীৱন যাপন কৰি থকা পৰিলক্ষিত হৈছে।
লগতে পঢ়ক – ৪৯ নং ৱাৰ্ডত ঢোল, পেঁপা বজাই আম আদমি পাৰ্টীৰ ৰোড-শ্ব
অঞ্চলটোত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াই তাণ্ডৱলীলা চলাই থকাৰ পিছতো জলসম্পদ বিভাগ খহনীয়া ৰোধৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। আনহাতে সমষ্টিটোৰ বিধায়ক গৰাকীও খহনীয়াৰ কবলত পৰি গৃহহীন হোৱা লোক সকলৰ খবৰ লোৱা নাই বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰি ৰাইজে ক্ষোভ প্ৰকাশ কৰে।