মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাত কৃত্ৰিম বানৰ তাণ্ডৱৰ মাজতে কালৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই। জিলাখনৰ নৈপৰিয়া অঞ্চল সমূহ গৰাখহনীয়াৰ কবলত পৰাত আতংকিত হৈ পৰিছে নৈপৰিয়া ৰাইজ। বিশেষকৈ মানকাচৰ সমষ্টিৰ মলাখোৱা আৰু সুখচৰ গাঁও পঞ্চায়তত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে গৰাখহনীয়াই।
বিগত দুটা সপ্তাহৰ ভিতৰতে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে মলাখোৱা গাঁও পঞ্চায়তৰ মান্দাৰপাৰা গাঁও আৰু বেৰাভাঙাৰ অৰ্ধ শতাধিক পৰিয়ালৰ ঘৰ৷ কৃষি প্ৰধান অঞ্চল মলাখোৱা গাঁও পঞ্চায়তৰ মান্দাৰপাৰা গাঁৱৰ কেইবা শ বিঘা কৃষি ভূমি ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। বৰ্তমান গাঁওখনৰ বহু বিঘা কৃষি ভূমি গৰাখহনীয়াৰ কবলত পৰাত কৃষক সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।
ইফালে গৰাখহনীয়াৰ কবলত পৰা লোক সকলে নিৰাপদ স্থান বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে৷ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ বাবে কৃষি কৰ্মৰ ওপৰতে সম্পূৰ্ণ নিৰ্ভৰশীল কৃষক সকলৰ ভৱিষ্যতলৈ নামি আহিছে ভয়ংকৰ অমানিশা৷ মানকাচৰ চক্ৰ বিষয়াৰ জৰীপ অনুযায়ী এই অঞ্চলত ২১ বিঘা মাটি আছিল আৰু ১৭ শ পৰিয়ালে বসবাস কৰিছিল। বিগত কেইবাবছৰ ধৰি ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ ফলত দুই হেজাৰ বিঘা মাটি ইতিমধ্যে নৈৰ বুকুত জাহ গৈছে।
লগতে পঢ়ক – কৃত্ৰিম বানত ককবকাইছে অনিল নগৰ নবীন নগৰবাসী
আনহাতে ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়াৰ ফলত জিলাখনৰ সদৰ হাটশিঙিমাৰীৰ নিকটবৰ্তী সুখচৰ, বেৰাভাঙ্গা আৰু মান্দাৰপাৰা গাঁৱত প্ৰতিদিনে ১০-১২ টাকৈ পৰিয়ালে ঘৰ স্থানান্তৰ কৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে। গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ৰাইজে বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো চৰকাৰৰ তথা প্ৰশাসনে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে।