নিউজ ডেস্ক- ৰাজ্যত দুৰ্ঘটনাৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে। পুনৰ কালি সংঘটিত হয় এক দুৰ্ঘটনা।

কালি শিলচৰত স্কুটি আৰু মটৰ চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষ সংঘটিত হয়। নিশা প্ৰায় ১বজাত ৰামনগৰ বাইপাছত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো। এই দুৰ্ঘটনাত তিনিজন যুৱক নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে,  দুৰ্ঘটনাটোত নিহত ব্যক্তি তিনিজন ক্ৰমে ৰোহন চৌধুৰী, সুহাইল খান আৰু কুনাল কৌৰ লগতে আহত ব্যক্তিগৰাকীক দিপাঞ্জন দত্ত।

তথ্য অনুসৰি, এখন ট্ৰাকক অভাৰটেক কৰিবলৈ লোৱাৰ সময়তে স্কুটি আৰু মটৰ চাইকেলখনৰ মুখামুখি সংঘৰ্ষ হয়। আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে স্হানীয় লোকসকলে আহত ব্যক্তিসকলক চিকিৎসালয়ত ভৰ্তি কৰে আৰু আৰক্ষীক খবৰ দিয়ে। লগে লগে আৰক্ষী আদি ঘটনাস্থলীত উপস্থিত হয় আৰু নিহত ব্যক্তিকেইজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply