নিউজ ডেস্ক: আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তজাৰ্তিক প্ৰেক্ষাগৃহত কামৰূপ মহানগৰ জিলাৰ চৰকাৰী-বেচৰকাৰী সকলো বিদ্যালয়ৰ মুৰব্বীসকলক লৈ এক পথ-সুৰক্ষা সজাগতা কৰ্মশালাৰ আয়োজন কৰা হয়।
উল্লেখ্য যে উচ্চতম ন্যায়ালয় আৰু ৰাষ্ট্ৰীয় শিশু অধিকাৰ আয়োগে জাৰি কৰা কঠোৰ নিৰ্দেশ শিক্ষাৰ্থীৰ পৰিবহণত ব্যৱহৃত স্কুলবাছ সমূহে মানি চলিছে নাই এই সকলো বিষয় নিৰীক্ষণ কৰিবৰ বাবে এই কৰ্মশালাৰ আয়োজন কৰা হয়।
কৰ্মশালাত উপস্থিত থাকে মীন,পৰিবহন আৰু আবকাৰী বিভাগ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, কামৰূপ (মহানগৰ) জিলা পৰিবহণ বিষয়া গৌতম দাস লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী আৰু বহু বিশিষ্ট ব্যক্তি।
উক্ত কৰ্মশালাখনত পথ সুৰক্ষাৰ ক্ষেত্ৰত বহুকেইটা গুৰুত্বপূৰ্ণ দিশত আলোচনা কৰা হয়। কৰ্মশালাত বিদ্যালয় সমুহলৈও বহুকেইটা নিৰ্দেশ জাৰী কৰে ইয়াৰ লগতে গাড়ী চালক, বাছ যাত্ৰী, পথচাৰী সকলৰ কাৰণেও নিৰ্দেশনা জাৰী কৰে।
বিগত দিনত সংঘটিত হোৱা ভয়াবহ পথ দুৰ্ঘটনা সমুহে সমাজত পেলোৱা প্ৰভাৱ লগতে আৰু যাতে এনেধৰণৰ ঘটনা নহয় তাৰ বাবে কি কি ব্যৱস্থা গ্ৰহন কৰা উচিত সেইসমুহৰ বিষয়ে কৰ্মশালাত আলোচনা কৰা হয়।