গুৱাহাটী : নিশা মহানগৰী গুৱাহাটীত চুৰিকাণ্ড। নিশা চোৰে লুটি নিলে নগদ ধনসহ ৬ লাখ টকা মূল্যৰ অলংকাৰ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
মহানগৰী গুৱাহাটীত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে অপৰাধজনীত ঘটনা। চুৰি, ডকাইতি, হত্যা এতিয়া সাধাৰণ ঘটনাত পৰিণত হৈছে গুৱাহাটী মহানগৰীত।
পুনৰ এক চুৰিকাণ্ড সংঘটিত হৈছে গুৱাহাটীত। বশিষ্ঠৰ লতাকটাত দেওবাৰে নিশাৰ ভাগত সংঘটিত হৈছে এক চাঞ্চল্যৰ চুৰিকাণ্ড।
লগতে পঢ়ক – বৃহৎ পৰিমাণৰ ড্ৰাগছসহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ
লতাকটাৰ প্ৰবীণ ডেকা নামৰ এজন লোকৰ ঘৰত নিশা চোৰে চলায় চাফাই অভিযান। লোকজনৰ ঘৰৰ পৰা চোৰে নগদ ধনসহ লুটি নিয়ে প্ৰায় ৬ লাখ টকা মূল্যৰ অলংকাৰ।