মানকাচৰ : মানকাচৰৰ মানুল্ল্যাপাৰা হাই স্কুলত চুৰি। তলা ভাঙি চোৰে লুটিলে দুটা ইনভেটৰ, চাৰিটা বেটাৰী আৰু লক্ষাধিক টকাৰ বিদ্যুৎৰ সামগ্ৰী। বৰষুণৰ সুযোগ লৈ চোৰে বিদ্যালয়খনত সংঘটিত কৰে চুৰিকাণ্ড।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ খাৰুৱাবান্ধা আৰক্ষী চকীৰ অন্তৰ্গত মানুল্ল্যাপাৰা হাই স্কুলত সোমবাৰে নিশা চোৰে বিদ্যালয়খনৰ তলা ভাঙি বিদ্যালয়খনৰ পৰা দুটা ইনভেটৰ আৰু চাৰিটা বেটেৰী আৰু প্ৰায় লক্ষাধিক টকাৰ বিদ্যুৎৰ সামগ্ৰী চুৰি কৰি নিয়ে। নিশা বৰষুণৰ সুযোগ লৈ বিদ্যালয়খনত এইদৰে চোৰে তাণ্ডৱ চলাই সামগ্ৰীখিনি লুটি নিবলৈ সক্ষম হয়।

লগতে পঢ়ক – মেট্ৰিকত ফেইলঃ ঢালিলে শৰীৰত কেৰাচিন, ৫০% অগ্নিদগ্ধ

চুৰিকাণ্ড সন্দৰ্ভত বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰাকিবৰ আলম মণ্ডল খাৰুৱাবান্ধা আৰক্ষী চকীত অৱগত কৰে। খাৰুৱাবান্ধা আৰক্ষীৰ দল এটা বিদ্যালয়খনত উপস্থিত হৈ চুৰি হোৱা ঘটনাৰ তদন্ত আৰম্ভ কৰে। ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকজনে জানিবলৈ দিয়া মতে ইয়াৰপূৰ্বেই এই বিদ্যাল খনত চোৰে তলা ভাঙি সামগ্ৰী লুটি নিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply