গুৱাহাটী : মহানগৰী গুৱাহাটীত পুনৰ সংঘটিত হৈছে ডকাইতিকাণ্ড। দিনৰ পোহৰতে ডকাইতে কাঢ়ি নিলে ধন। বাইকত অহা ডকাইতে এজন লোকৰ পৰা কাঢ়ি নিলে ডেৰ লাখ টকা।
মহানগৰী গুৱাহাটীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতিকাণ্ড। মহানগৰীৰ সাতগাঁও অঞ্চলত সংঘটিত হৈছে এই ডকাইতিকাণ্ড। এজন লোকৰ পৰা দিনৰ পোহৰতে ডকাইতৰ দলে কাঢ়ি নিয়ে ডেৰ লাখ টকা।
লগতে পঢ়ক – খুড়াকে ভতিজাকক হত্যা কৰাৰ বাবে দিছিল ১০ হাজাৰ টকা
বাইকত অহা দুজন ডকাইতে সাতগাঁও ৰে’ল লাইনৰ কাষত এজন লোকৰ পৰা ডেৰ লাখ টকা কাঢ়ি নিয়ে। ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।