বিশ্বনাথ : পুনৰ ধৰ্মীয় অনুষ্ঠানত চোৰৰ চাফাই অভিযান। মন্দিৰৰ তলা ভাঙি চোৰে লুটি নিলে দানপাত্ৰৰ ধন। মন্দিৰৰ পিতলৰ বাচন-বৰ্তনো নিলে চোৰে।

বিশ্বনাথত পুনৰ ধৰ্মীয় অনুষ্ঠানত সংঘটিত হৈছে চুৰিকাণ্ড৷ শুকুৰবাৰে নিশা বিশ্বনাথৰ পানীভৰালস্থিত ৰাধা-কৃষ্ণ প্ৰণামী মন্দিৰত সংঘটিত হ’ল চুৰিকাণ্ড।

মন্দিৰৰ দুৱাৰ ভাঙি চোৰে পূজাৰ সামগ্ৰী চুৰি কৰা লগতে দানপাত্ৰৰ তলা ভাঙি লুটি নিয়ে ধন। পূজাত ব্যৱহৃত পিতলৰ বাচন-বৰ্তনো লুটি নিয়ে চোৰে৷ পুৱা মন্দিৰত ভক্তই সেঁৱা কৰিবলৈ আহি প্ৰতক্ষ্য কৰে এইকাণ্ড।

লগতে পঢ়ক – ফুৰিবলৈ গৈ ভালুকপুঙত সন্ধানহীন ঠেলামৰাৰ যুৱক

ইতিমধ্যে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ লোক উক্ত মন্দিৰত উপস্থিত হৈ তদন্ত অৰম্ভ কৰিছে। উক্ত মন্দিৰত এতিয়ালৈ চাৰি বাৰ চুৰিৰ ঘটনা সংঘটিত হৈছে৷ ইয়াৰ লগতে কেইবাটাও ধৰ্মীয় অনুষ্ঠানত সংঘটিত হৈছে চুৰিকাণ্ড।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply