মানকাচৰ : মানকাচৰৰ ভাৰত চৰকাৰৰ অধীনত থকা নেৰামেকৰ কাজু ফেক্টৰীত চুৰিকাণ্ড। নেৰামেকৰ কাজু ফেক্টৰীৰ পৰা চোৰে লুটিলে কেবা লক্ষাধিক টকাৰ যন্ত্ৰ। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত বানশালীস্থিত ভাৰত চৰকাৰৰ অধীনত থকা নেৰামেকৰ কাজু ফেক্টৰীৰ পৰা সোমবাৰে নিশা চোৰে লক্ষাধিক টকাৰ সামগ্ৰী চুৰি কৰি নিয়ে।
উল্লেখযোগ্য যে ভাৰত চৰকাৰে কেবাকোটি টকাৰে নেৰামেক নামৰ এটা সন্থাত অধীনত কাজু ফেক্টৰী নিৰ্মাণ কৰি আছে। ফেক্টৰীৰ প্ৰায় ৮০ শতাংশ কাম ইতিমধ্যে সম্পন্ন হৈছে যদিও কেবাবছৰ ধৰি ফেক্টৰীৰ কাম বন্ধ হৈ থকাত হাটশিঙিমাৰী জিলা কৃষি বিভাগে জিলা উপায়ুক্তৰ নিৰ্দেশ মতে ফেক্টৰীখনত কৃষি বিভাগৰ বহু চৰকাৰী সামগ্ৰী জমা কৰি ৰাখিছে। নিশাৰ ভাগত ফেক্টৰীৰ পৰা কেবা লক্ষাধিক টকাৰ সামগ্ৰী চুৰি কৰি নিয়ে চোৰে।
লগতে পঢ়ক – গুৱাহাটীত জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ মৰফিন
এই ঘটনাৰ পিছত জিলা অতিৰিক্ত উপায়ুক্ত জগদীশ ব্ৰহ্ম, জিলা কৃষি বিষয়া মইনুল হকসহ আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। এই ঘটনাৰ পিছত জিলা কৃষি বিভাগে জমা কৰি থকা সামগ্ৰীখিনি স্থানান্তৰ কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ত জমা কৰা হয় বুলি জিলা কৃষি বিষয়াই জানিবলৈ দিয়ে।