নিউজ ডেস্ক: আজিৰে পৰা ডিব্ৰুগড়ৰ টিংখাঙৰ লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ প্ৰাঙ্গনত তিনিদিনীয়াকৈ উত্তৰ-পূৱৰ কথা-সুৰ-ৰং-সোৱাদৰ অপূৰ্ব সমাহাৰৰ বৰ্ণাঢ্য আয়োজনেৰে কেন্দ্ৰীয় ভাৱে অনুষ্ঠিত হৈছে “টিংখাং ৰঙালী ২০২৩”। আজি পুৱাই প্ৰথম কাৰ্যসূচী “সমন্বয় মাৰাথন” দৌৰ প্ৰতিযোগিতাৰ শুভাৰম্ভণিৰে অনুষ্ঠানটিৰ মুকলি কৰা হয়।

লেঙেৰী কেন্দ্ৰীয় বিহু সমিতি আৰু টিংখাং সাংস্কৃতিক মঞ্চৰ উদ্যোগত আয়োজন কৰা এই টিংখাং ৰঙালী ২০২৩ অনুষ্ঠানটি বিহুৰ সমান্তৰালকৈ উত্তৰ পূৰ্বাঞ্চলীয় থলুৱা খাদ্য-বস্ত্ৰ- হস্তশিল্পৰ প্ৰদৰ্শনৰ লগতে,অসমৰ জনজাতীয় লোকনৃত্যৰ অনুষ্ঠান, আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰা অংশগ্ৰহণ কৰিব বিভিন্ন সাংস্কৃতিক দলে।
ইয়াৰ লগতে আয়োজন কৰা হৈছে উত্তৰ-পূৰ্বাঞ্চলীয় থলুৱা খাদ্য-বস্ত্ৰ-হস্তশিল্পৰ প্ৰদৰ্শন,চিত্ৰাংকন প্ৰতিযোগিতা, উত্তৰ পূৰ্বাঞ্চলৰ খেল- ধেমালিৰ লগতে অনুষ্ঠিত উত্তৰ-পূৱৰ ক্ৰীড়াক্ষেত্ৰৰ মননশীল আলোচনাসত্ৰ কথা “কথা ক্ৰীড়াংগণ”। উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰিব আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন দৌৰবিদ হিমা দাস, কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজেতা ল’ন বল খেলুৱৈ নয়নমণি শইকীয়াকে আদি কৰি বিভিন্ন খেলুৱৈ তথা ক্ৰীড়া জগতৰ সৈতে জড়িত ব্যক্তি সকল।
ভাৰতীয় সেনাবাহিনীৰ সামৰিক কৌশল প্ৰদৰ্শন -সমৰ ক্ৰীড়া, লগতে এই বৰ্ণাঢ্য অনুষ্ঠানত অতিথি উপস্থিত থাকিব অসম চৰকাৰৰ মাননীয় মন্ত্ৰী সকল বিধায়ক সকল আৰু বিশিষ্ট সন্মানীয় ব্যক্তি সকল ।
উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে ৫ মে’ত উপস্থিত থাকিব অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমান ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অন্তিম দিনা অৰ্থাৎ ৬ মে’ দিনা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকিব।
ইয়াৰোপৰি, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে কেইবাটাও কাৰ্যসূচী আয়োজন কৰিব।
তদুপৰি, মঞ্চস্থ হ’ব মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে দেশৰ ৰাজধানী দিল্লীত প্ৰদৰ্শিত নাট – “লাচিত বৰফুকন” আৰু অসমৰ চলচ্চিত্ৰ তথা সংগীত জগতৰ জনপ্ৰিয় শিল্পী সকল ক্ৰমে মেঘৰঞ্জনী মেধি, নন্দিনী কাশ্যপ,শ্যামন্তিকা শৰ্মা,কাজল শৰ্মা, অমৃতা গগৈ, মুনমী ফুকন,নীল দাস,নীল তামুলী, অসীম গগৈ, কন্ঠশিল্পী আচুৰ্য বৰপাত্ৰ, তৰুণ তন্ময়,মীৰদ্বীপ, নিতুল দাধৰা,মাইনা হিমাদ্ৰী, অনুৰাগ শইকীয়াৰ সাংস্কৃতিক অনুষ্ঠান।
লগতে পঢ়ক – প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশলৈ বিনামূলীয়া ই-পাঠ্যপুথিৰ ব্যৱস্থা