নিউজ ডেস্ক: নিলম্বিত আই এ এছ শেৱালি দেৱী শৰ্মাই ১০৫ কোটি টকা কেলেংকাৰীৰ বিস্ফোৰক স্বীকাৰোক্তি প্ৰকাশ কৰিছে। এছ চি ই আৰ টিত সঞ্চালক হৈ থকাৰ সময়ত নিজৰ দুই জোঁৱায়েকসহ একাংশ সহকৰ্মীৰ সহায়ত অবাধে ১০৫ কোটি লুণ্ঠন কৰা নিলম্বিত আই এ এছ শেৱালি দেৱী শৰ্মাক তদন্তকাৰী মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে তীব্ৰ জেৰা অব্যাহত ৰাখিছে। এই জেৰাত শেৱালি দেৱী শৰ্মাই প্ৰকাশ কৰিছে বিস্ফোৰক তথ্য।
উল্লেখ্য যে শেৱালী শৰ্মাৰ স্বীকাৰোক্তিত কেইবাজনো আৰ টি আই কৰ্মী আৰু সাংবাদিকৰ নাম সাঙোৰ খাই পৰিছে। শেৱালি দেৱী শৰ্মাৰ লুণ্ঠনৰ ধনৰ ভাগ আৰ টি আই আৰু সাংবাদিক আদিয়েও লাভ কৰাৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ তদন্তকাৰী বিষয়াৰ জেৰাত নিলম্বিত আই এ এছ শেৱালি দেৱী শৰ্মাই প্ৰকাশ কৰা তথ্য অনুসৰি লুণ্ঠনৰ তথ্য গাপ দিবৰ বাবে ৫জনকৈ আৰ টি আই কৰ্মী আৰু এজন সাংবাদিকক তেওঁ বৃহৎ পৰিমাণৰ ধন দিবলগীয়া হৈছিল।
অভিযুক্ত শেৱালি দেৱী শৰ্মাই অভিযোগ কৰা অনুসৰি কেলেংকাৰি পোহৰলৈ অনাৰ ভাবুকি দি পাঁচ আৰ টি আই কৰ্মীয়ে তেওঁৰ পৰা ১৫ কোটি টকা লৈছিল। এই চাঞ্চল্যকৰ তথ্য লাভ কৰাৰ পাছতে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে পাঁচোজন আৰ টি আই কর্মীকে জেৰা কৰাৰ বাবে প্ৰস্তুতি চলাইছে। আনহাতে এই কৰ্মত জড়িত থকা আন এজন সাংবাদিককো তদন্তৰ আওতালৈ অনাৰ সিদ্ধান্ত লৈছে তদন্তকাৰী আৰক্ষীয়ে।
তেওঁলোকৰ সৈতে লুণ্ঠন চলোৱা এটা ঠিকা প্ৰতিষ্ঠানৰ এজন স্বত্বাধিকাৰীকো শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা প্ৰকট হৈছে। তদন্তকাৰী আৰক্ষীয়ে ইতিমধ্যে লোকজনক গ্ৰেপ্তাৰ কৰাৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰা বুলিও জানিব পৰা গৈছে।
উল্লেখযোগ্য যে এই গোচৰত শেৱালি দেৱী শৰ্মা, দুই জোঁৱায়েক, কনিষ্ঠ কন্যাকে ধৰি মুঠ ৮জন লোকক এইপর্যন্ত তদন্তকাৰী মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিছে।