নিউজ ডেস্কঃ শেহতীয়া ভাৱে তথ্য জনাৰ অধিকাৰৰ পৰা জনা গৈছে যে, দেশৰ উচ্চ সদন অর্থাৎ ৰাজ্যসভাত কাম-কাজৰ পৰিমাণ অতিকে নগণ্য হ’লেও উক্ত সদনত ব্যয়ৰ পৰিমাণ হৈছে গৈ আকাশলংঘী। যোৱা দুটা বছৰত ৰাজ্যসভাৰ সদস্যসকলৰ দৰমহা, ভাৰা আৰু অন্যান্য সা-সুবিধাৰ বাবদ ব্যয় হৈছিল ২০০ কোটি টকা।

আৰটিআই আইনৰ অধীনত মধ্যপ্ৰদেশৰ এজন ব্যক্তিয়ে কৰা এক প্ৰশ্নৰ উত্তৰত ৰাজ্যসভা সচিবালয়ে কয় যে, কোৰোনা মহামাৰীৰ ২০২১-২২ বৰ্ষত সময়ত ৰাজকোষৰ পৰা ৰাজ্যসভাৰ সদস্যৰ নামত ৯৭ কোটি টকা ব্যয় কৰা হৈছিল।

ইয়াৰোপৰি, ২০২১-২৩ বৰ্ষত দেশৰ ভিতৰত যাত্ৰা কৰা বাবদ ২৮.৫ কোটি, বিদেশ যাত্ৰাৰ বাবদ ১.২৮ কোটি, দৰমহাৰ নামত ৫৭.৬ কোটি, চিকিৎসাজনিত ব্যয় ১৭ লাখ টকা আৰু কাৰ্যালয়ৰ আনুষংগিক কামত ৭.৫ কোটি টকা ব্যয় কৰা হৈছিল।

কিন্তু ২০২১ চনত শীতকালীন অধিৱেশনৰ সময়ত ৰাজ্যসভাত মাত্র ৪৩ শতাংশ, বর্ষাকালীন অধিৱেশনত ২৯ শতাংশ আৰু বাজেট অধিৱেশনত ৯০ শতাংশহে কাম-কাজ সমপন্ন হৈছিল। একেদৰে, ২০২২ চনত শীতকালীন অধিৱেশনত ৯৪ শতাংশ, বর্ষাকালীন অধিৱেশনত ৪২ শতাংশ আৰু বাজেট অধিৱেশনত ৯০ শতাংশ কাম-কাজ হৈছিল। চলিত বৰ্ষটো বৰ্তমানলৈকে বাজেট অধিৱেশনৰ সময়তে ৰাজ্যসভাত কাম-কাজ ২৪ শতাংশলৈ হ্ৰাস পায়।

লগতে পঢ়ক – কুনো ৰাষ্ট্ৰীয় উদ্যানত এইবাৰ চিতা বাঘৰ পোৱালিৰ মৃত্যু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply