গুৱাহাটী : আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উপলক্ষে অসম এথলেটিকছ সন্থা আৰু গুৱাহাটী ক্ৰীড়া সন্থাৰ যুটীয়া উদ্যোগত বৃহস্পতিবাৰে সফলতাৰে অনুষ্ঠিত হয় প্ৰাইজমানি ১০ কিলোমিটাৰ দৌৰ প্ৰতিযোগিতা। পুৱা ৫ বজাত খানাপাৰা খেলপথাৰৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাৰ ফ্লেগ অফ কৰে এথলীট অম্লান বৰগোঁহাই, অসম এথলেটিকচ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ, মোহময়ী অভিনেত্ৰী প্ৰস্ততি পৰাশৰ আৰু জনপ্ৰিয় কন্ঠশিল্পী ভৃগু কাশ্যপে।

খানাপাৰাৰ পৰা আৰম্ভ হৈ নেহেৰু ষ্টেডিয়ামত সামৰণি পৰা প্ৰতিযোগিতাৰ পুৰুষৰ শাখাত প্ৰথম বিজয় ডেকা, দ্বিতীয় বিপিন মুণ্ডা, তৃতীয় হান্নান আলী, চতুৰ্থ তপোজ্জল ফুকন, পঞ্চম স্থান লাভ কৰে দেৱজিৎ ৰজকে। আনহাতে মহিলাৰ শাখাত প্ৰথম ৰেখামণি শইকীয়া, দ্বিতীয় মোতোৱাৰা আহমেদ, তৃতীয় ধৃতিমা উজীৰ, চতুৰ্থ সবিতা কুমাৰী আৰু পঞ্চম পুৰস্কাৰ ৰেজিনা পাৰ্বীনে লাভ কৰে।

লগতে পঢ়ক –  শক্তিপীঠ কামাখ্যাত আৰম্ভ মহা অম্বুবাচী মহোৎসৱ

প্ৰতিযোগিতাৰ শেষত নেহেৰু ষ্টেডিয়ামত বিজয়ী প্ৰতিযোগীসকলক আমন্ত্ৰিত অতিথিসকলে নগদ ধনৰ পুৰস্কাৰ আগবঢ়াই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply