গুৱাহাটী : গুৱাহাটী মহানগৰী দিনদুপৰতে চাঞ্চল্যকৰ ডকাইতি কাণ্ড। বেংকৰ পৰা এগৰাকী মহিলাই উলিয়াই অনা ধন লুটি নিয়ে ডকাইতে।
শুকুৰবাৰে গুৱাহাটীৰ পাণবজাৰত সংঘটিত হয় এক ডকাইতি কাণ্ড। দিনৰ পোহৰতে এগৰাকী মহিলাৰ পৰা ডকাইতে লুটি নিয়ে ধন। এগৰাকী মহিলাৰ পৰা ডকাইতে থপিয়াই নিয়ে ১০ লাখ টকা।
জানিব পৰা মতে মহিলা গৰকীয়ে লখৰা চেন্ট্ৰেল বেংকৰ পৰা ১০ লাখ টকা উলিয়াই আনিছিল। এখন ছেভ্ৰ’লেট গাড়ীৰে পাণবজাৰলৈ মহিলা গৰাকী আহি পাণবজাৰত গাড়ীৰ পৰা নমাৰ সময়তে ডকাইতে থপিয়াই টকাৰ বেগ লৈ পলায়ন কৰে ৷
লগতে পঢ়ক – ৰাজ্যৰ ২৫ খনকৈ জিলা বছৰৰ দ্বিতীয়টো বানৰ কবলত
পাণবজাৰৰ বি এছ এন এল কাৰ্যালয়ৰ সমিপত সংঘটিত হয় এই ডকাইতিকাণ্ড। ইতিমধ্যে মহিলা গৰাকীয়ে ঘটনা সন্দৰ্ভত পানবজাৰ থানাত এজাহাৰ দাখিল কৰিছে। দুজনীয়া ডকাইতৰ দলটো এখন কলা পালচাৰত আহিছিল।