গুৱাহাটী : বান-ভূমিস্থলনত ক্ষতিগ্রস্ত ডিমা হাছাওলৈ ৰাজ্য চৰকাৰৰ ৫০ কোটিৰ পেকেজ। গৃহ নির্মাণৰ বাবে ক্ষতিগ্রস্ত প্ৰতিটো পৰিয়াললৈ ২ লাখ টকাৰ সাহায্য দিব ৰাজ্য চৰকাৰে।
ৰাজ্য চৰকাৰে বান-ভূমিস্খলনত বিধ্বস্ত ডিমা হাছাওত বিভিন্ন খণ্ডৰ পুনৰ নিৰ্মাণৰ বাবে জৰুৰীভাৱে ৫০ কোটি টকাৰ পেকেজ আগবঢ়াইছে। এই পেকেজৰ অধীনত বান-ভূমিস্খলনত ক্ষতিগ্রস্ত গুৰুত্বপূৰ্ণ পথসমূহৰ তকালীন নির্মাণৰ বাবে ৩০ কোটি টকা আগবঢ়োৱা হৈছে।
তদুপৰি বান-ভূমিস্খলনত ক্ষতিগ্রস্ত ৫৯০ টা পৰিয়ালৰ প্রত্যেকলৈ গৃহ নির্মাণৰ বাবে ২ লাখ টকাকৈ আগবঢ়োৱাৰ সিদ্ধান্ত লােৱা হৈছে। এই শিতানত ক্ষতিগ্রস্ত পৰিয়ালসমূহলৈ মুঠ ১১.৮০ কোটি টকা আবণ্টনৰ ব্যৱস্থা কৰা হৈছে।
লগতে পঢ়ক – অসম কৃষি বিশ্ববিদ্যালয়ত ৰাজ্যপালৰ কৃষি উচ্চ শিক্ষা বিষয়ক পাঁচদফীয়া বিশেষ আলোচনা
এই পেকেজৰ ২৩ কোটি টকা এছডিআৰএফ শিতানৰ পৰা আগবঢ়োৱাৰ বিপৰীতে ৰাজ্য চৰকাৰৰ স্ব-অগ্রাধিকাৰ পুঁজিৰ পৰা ২৭ কোটি টকা প্রদান কৰা হ’ব। মুখ্যমন্ত্ৰীৰ সভাকক্ষত বান-ভূমিস্খলনত বিধ্বস্ত ডিমা হাছাওৰ পুনৰ নির্মাণ বিষয়ত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এক বৈঠকত এই গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়।