গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত আয়ােজিত এক অনুষ্ঠানত অ-বড়াে ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত জীৱন আহুতি দিয়া ১৮ গৰাকী ব্যক্তিৰ নিকটাত্মীয়লৈ ৫ লাখ টকাকৈ আর্থিক সাহায্যৰ চেক প্রদান কৰে। এই উপলক্ষে প্রদান কৰা ভাষণত মুখ্যমন্ত্রীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ প্রচেষ্টা আৰু গৃহমন্ত্রী অমিত শ্বাহৰ উদ্যোগত স্বাক্ষৰিত বড়াে চুক্তিত পৃথক ৰাজ্যৰ দাবীত চলা আন্দোলনৰ সময়ছােৱাত প্রাণাহুতি দিয়া বড়াে জনগােষ্ঠীৰ লােকসকলক ৫ লাখ টকাকৈ আর্থিক সাহায্য প্রদানৰ ব্যৱস্থা ৰখা হৈছিল। এই আন্দোলনত জড়িত নথকা আন কিছু সংখ্যক লােকেও সেই সময়ছােৱাত বিভিন্ন কাৰণত জীৱন আহুতি দিব লগা হৈছিল।এই অনুষ্ঠানত সেই লােকসকলৰ নিকটাত্মীয়লৈ আর্থিক সাহায্য আগবঢ়াই ৰাজ্য চৰকাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

ভাষণ প্রসংগত মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতীয় হিচাপে অনৈক্যৰ মাজত ঐক্য হৈছে আমাৰ শক্তি। বিবিধতা আমাৰ শক্তি, দুর্বলতা নহয় বুলি মন্তব্য কৰি তেওঁ কয় যে সংঘাতৰ মাজেৰে নতুন অসমৰ বুনিয়াদ ৰচনা নহয়। পাৰস্পৰিক বুজাবুজিৰ মাজেৰে আমি আগবাঢ়ি যাব লাগিব। নিজৰ জাতিসত্ত্বাৰ উন্নয়ন বিচৰাতাে কেতিয়াও ভুল নহয় বুলিও তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্রীয়ে কয় যে অসমৰ জনজাতীয় লােকসকল সবাতােকৈ পুৰণি খিলঞ্জীয়া লােক। বুৰঞ্জীৰ এই সত্যক আমি নুই কৰিব নােৱাৰাে। তেওঁ মন্তব্য কৰে যে আগন্তুক ১০ বছৰত বড়াে ভূমিত বড়াে জনগােষ্ঠীৰ লােকসকলৰ লগতে আন জনগােষ্ঠীৰ লােক বাস কৰা অঞ্চলসমূহলৈ বিভিন্ন উন্নয়নমূলক কাম-কাজেৰে বিকাশৰ গঙ্গা বােৱাই নিব লাগিব। বৰ অসম নির্মাণত কৰবাত নহয় কৰবাত বৰঙণি যােগােৱা প্ৰতিটো জাতি-জনগােষ্ঠীৰ মাজত থকা পূর্ব সৌহার্দ্যপূর্ণ দিনবােৰ সৃষ্টিত সকলােৱে মনােনিৱেশ কৰিব লাগিব বুলিও মন্তব্য কৰি তেওঁ কয় যে সকলাে সমস্যা আলােচনাৰ মাজেৰেহে সমাধান সম্ভৱ।

লগতে পঢ়ক – চুৰিৰ গৰুসহ আটক তিনি গৰু চোৰ

ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে বড়াে আন্দোলনৰ সময়তছােৱাত যিসকল আদিবাসী লােকে ঘৰ-মাটি হেৰুৱাই সর্বশ্রান্ত হৈছিল তেওঁলােকৰ কল্যাণৰ বাবে এটা বিশেষ পুঁজি আৱণ্টনৰ বাবে ৰাজ্য চৰকাৰে চিন্তা-চৰ্চা কৰিছে বুলিও কয়। তেনেদৰে, সমগ্র বিটিআৰ অঞ্চলত যিসমূহ ঠাই এতিয়াও অতি পিছপৰি আছে তেনে ঠাইত পথ-দলং নির্মাণ, অৰুণােদয় আঁচনিৰ সুবিধা সকলাে শ্ৰেণীৰ লােকে যাতে সমমর্যাদাৰে লাভ কৰিব পাৰে সেই দিশত উদ্যোগ লােৱা হ’ব বুলিও তেওঁ সদৰি কৰে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে অ-বড়াে ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত জীৱন আহুতি দিয়া লােকৰ আন এখন তালিকাও সম্প্রতি প্রস্তুত কৰি থকা হৈছে। পৰৱৰ্তী সময়ত তেওঁলােকলৈও আর্থিক সাহায্য আগবঢ়োৱা হ’ব। মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্ত মল্ল বৰুৱাই আঁতধৰা অনুষ্ঠানটোত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমােদ বড়ােই ভাষণ প্রদান কৰে। অনুষ্ঠানত অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান (বিশেষ শাখা) হীৰেণ নাথ, গৃহ বিভাগৰ আয়ুক্ত সচিব দিগন্ত বৰা, অ-বড়াে সুৰক্ষা সমিতিৰ উপদেষ্টা ব্ৰজেন মহন্ত, সভাপতি ললিত হেমব্রম, সম্পাদক মাধৱ ৰাজবংশীকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply