ৰূপহীহাট : গুনোৎসৱৰ মাজতে ছাত্ৰীক মাৰপিট কাণ্ডৰ তদন্তত নামিল নগাঁৱৰ জিলা প্ৰাথমিক বিষয়া। অন কেমেৰাত শিক্ষা বিষয়াৰ সন্মুখত ছাত্ৰীক প্ৰহাৰ কৰা ঘটনা স্বীকাৰ কৰিলে প্ৰধান শিক্ষক ছাইফুল ইছলামে।

ৰূপহীহাটৰ কোছগাঁও হাজী আব্দুল জব্বাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে এগৰাকী ছাত্ৰীক মাৰপিট কৰি গুৰুত্বৰভাৱে আহত কৰাৰ ঘটনা স্বীকাৰ কৰিলে প্ৰধান শিক্ষক গৰাকীয়ে। সম্প্ৰতি ছাত্ৰী গৰাকীৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিছে।

লগতে পঢ়ক – চাহ শ্ৰমিকৰ অভিশাপে ক্ষমতাচ্যুত কৰিব বিজেপিক : বদৰুদ্দিন আজমল

ছাত্ৰী গৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা বুলি ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকে জানিবলৈ দিছে। নগাঁৱৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ সন্মুখত সমগ্ৰ ঘটনাৰ স্বীকাৰোক্তি দিয়ে শিক্ষক ছাইফুল ইছলামে।

বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হোৱাৰ পিছতেই তৎপৰ হৈ উঠে জিলা প্ৰাথমিক শিক্ষা বিষয়া। শিক্ষা বিষয়াই স্পষ্টকৈ জনালে যে চেকনিৰ জৰিয়তে বিদ্যা প্ৰথা কাহানিবাই বন্ধ কৰা হৈছে। শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীক বেত্ৰাঘাত কৰাটো এক অপৰাধ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply