নিউজ ডেস্কঃ ভাৰতৰ স্পেচ শ্বাটল চন্দ্ৰযান-৩ চন্দ্ৰত অৱতৰণ কৰিবলৈ ইতিমধ্যেই সকলো সাজু হৈ উঠিছে। ইছৰোৱে ৩ জুলাইত চন্দ্ৰযান-৩ উৎক্ষেপণ কৰিব। ইয়াৰ পৰিপ্ৰেক্ষিতত, ৰাছিয়াই মুন লেণ্ডাৰ অভিযান স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে, যাতে চন্দ্ৰযান-৩ য়ে চন্দ্ৰত সফল ভাৱে অৱতৰণ কৰাৰ সুযোগ পায়।

যদি চন্দ্ৰযান-৩ সফল হয়, তেন্তে ভাৰত এনে কৰা বিশ্বৰ চতুৰ্থ খন দেশ হ’ব। ইয়াৰ আগতে আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া আৰু চীনে তেওঁলোকৰ স্পেচ শ্বাটলৰ জৰিয়তে চন্দ্ৰত অৱতৰণ কৰিছে।

ইছৰোৰ মুৰব্বী এছ সোমনাথে কয়, আমি চন্দ্ৰযান-২ অভিযানত ব্যৰ্থ হৈছো। এনেকুৱা নহয় যে আমি প্ৰতিবাৰেই সফল হ’ম, কিন্তু ডাঙৰ কথাটো হ’ল আমি ইয়াৰ পৰা শিকি আগবাঢ়ি যাব লাগে। বিফলতাৰ অৰ্থ এইটো নহয় যে আমি চেষ্টা কৰা বন্ধ কৰিম। আমি চন্দ্ৰযান-৩ অভিযানৰ পৰা বহুতো শিকিব পাৰিছো আৰু ইতিহাস সৃষ্টি কৰিব পাৰোঁ।

উল্লেখ্য যে, চন্দ্ৰযান-২ অভিযান ২২ জুলাই, ২০১৯ ত আৰম্ভ কৰা হৈছিল। প্ৰায় দুমাহ পিছত, ২০১৯ চনৰ ৭ ছেপ্টেম্বৰত চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰোঁতে বিক্ৰম লেণ্ডাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। তেতিয়াৰ পৰাই ভাৰতে চন্দ্ৰযান-৩ অভিযানৰ বাবে প্ৰস্তুতি চলাই আহিছে।

লগতে পঢ়ক – জনস্বাস্থ্য কাৰিকৰী বিভাগত নৱ নিযুক্ত কৰ্মচাৰীক লৈ অভিযোজন অনুষ্ঠান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply