নিউজ ডেস্ক: যুদ্ধবিধ্বস্ত ইউক্ৰেইনত আৱদ্ধ হৈ ভাৰতীয় শিক্ষাৰ্থীসকলৰ উদ্ধাৰ অভিযান অব্যাহত আছে। কিছু সময় পূৰ্বে দেশখনৰ পৰা উভতি অহা অসমৰ ১২ গৰাকী শিক্ষাৰ্থীক কঢ়িয়াই অনা এখন বিমানে নতুন দিল্লীত অৱতৰণ কৰিছে।

শিক্ষাৰ্থীসকলে বিমানবন্দৰত আহি উপস্থিত হোৱাৰ পিছতে অসম ভৱনৰ বিষয়সকলে তেওঁলোকক লগ কৰি নতুন দিল্লীৰ অসম ভৱনলৈ লৈ আহে। তেওঁলোকক সম্প্ৰতি অসম ভৱনত ৰখাৰ ব্যৱস্থা কৰা হৈছে আৰু পৰ্য্যায়ক্ৰমে অসমলৈ অনাৰ ব্যৱস্থা কৰা হ’ব।

আজি নতুন দিল্লীত আহি পোৱা অসমৰ ১২ গৰাকী শিক্ষাৰ্থী হৈছে – মহম্মদ মুদাছিৰ, চিণ্ময় শৰ্মা, আবিদা বেগম চৌধুৰী, বিক্ৰমাদিত্য বৰা, পক্ষিৰাজ বৈশ্য, মাদুৰ্য্য কলিতা, সুশ্মিতা চেত্ৰী, আকুলদীপ শৰ্মা, ৰেয়াজ হুছেইন, অনুভৱ বৰা, দৰ্শন পাঠক আৰু চয়েদ জোহৰুল আলম।

লগতে পঢ়ক – ৰে’ল ষ্টেশ্যনত আৱদ্ধ ভাৰতীয় শিক্ষাৰ্থী, ইউক্ৰেইনৰ যাত্ৰীয়ে পাইছে অগ্ৰাধিকাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply