নিউজ ডেস্ক: ৰাজ্যত পুনৰ সংঘটিত হৈছে এনকাউণ্টৰৰ ঘটনা। নিশা প্ৰায় ১ বাজি ১৫ মিনিটত কলিয়াবৰত আৰক্ষীৰ গুলীত আহত হয় ড্ৰাগছ মাফিয়া ছাদ্দাম হুছেইন।

শুক্ৰবাৰে সন্ধিয়া চামগুৰিৰ ছাদ্দাম হুছেইন হেৰ’ইনসহ আৰক্ষীৰ জালত পৰিছিল। তাৰ পিছতেই আৰক্ষীয়ে ছাদ্দামক লৈ নিশা মিছাৰ নিজুৰিত অভিযান চলাইছিল। অভিযান শেষ হৈ উভতাৰ পথত বৰষুণৰ অজুত হৈ পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে ভৰিত গুলীত মাৰে।

গুলী লাগি আহত হোৱা ছাদ্দামক নগাঁও মেডিকেল কলেজ হাস্পতাললৈ লয় যোৱা হৈ যদিও অৱস্থা সংকটজনক হোৱাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ স্থানান্তৰ কৰা হয়।

লগতে পঢ়ক – আগন্তুক নতুন অসমীয়া ছবি “ৰাঘৱ”ৰ অফিচিয়েল পোষ্টাৰ মুকলি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply