নিউজ ডেস্ক: অৱেশষত অপেক্ষাৰ অন্ত পৰিল ভাইজান তথা ছলমান খানৰ অনুৰাগীৰ। আজি ছবিগৃহত মুক্তি হৈছে ছলমান খানৰ “কিচি কা ভাই কিচি কি জান”। ৪ বছৰৰ অপেক্ষাৰ অন্তত ছবিগৃহত মুক্তি লাভ কৰিছে ছলমান খানে মূল চৰিত্ৰত অভিনয় কৰা ছবি। ছবিখনত ছলমান খান আৰু পূজা হেগড়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ছবিখন পৰিচালনা কৰিছে ফাৰহাদ চামজীয়ে।
লগতে ছবিখনত শ্বেহনাজ গিল, পলক তিৱাৰী, সিদ্ধাৰ্থ নিগম, ভিনালী ভাটনাগৰ, ৰাঘৱ জুয়াল আৰু জছি গিলকো ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা পোৱা যাব।
উল্লেখ্য যে, ছবিখন আজি ৪৫০০ খন স্ক্ৰীণত মুক্তি লাভ কৰিছে, য’ত দিনটোত ১৬,০০০ ৰো অধিক শ্বো দেখুওৱা হ’ব।
ছলমান খানৰ অনুৰাগীয়ে আশা কৰিছে যে, শ্বাহৰুখ খানৰ পাঠান ছবি খনৰ পিছত “কিচি কা ভাই কিচি কি জান” য়ে Box Office ত ব্লকবাষ্টাৰ কৰিব।
উল্লেখযোগ্য যে, ক’ভিড মহামাৰী পিছৰে পৰা শ্বাহৰুখ খানৰ পাঠান, দক্ষিণ ভাৰতৰ এছ এছ ৰাজামৌলীৰ RRR দৰে কেইখন মান ছবিহে Box Office ত ব্লকবাষ্টাৰ অথবা উপাৰ্জনত সফল হ’বলৈ লক্ষম হৈছে। এনে ক্ষেত্ৰত ৪ বছৰৰ পিছত ঈদৰ সময়ত ছলমান খানৰ ছবি মুক্তি লাভ কৰা “কিচি কা ভাই কিচি কি জান” ক দৰ্শকে কেনেদৰে সহাঁৰি জনাই সেইয়া সময়েহে ক’ব।
লগতে পঢ়ক – আঁতৰোৱা হৈছে টুইটাৰ ভেৰিফাইড একাউণ্টৰ পৰা ব্লু টিক