নিউজ ডেস্ক: ভাৰতীয় WFI ৰ মুৰব্বী তথা বিজেপিৰ সাংসদ ব্ৰিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তোলা মল্লযোদ্ধাৰ কাষত থিয় দিয়াৰ কথা ঘোষণা কৰিছে সংযুক্ত কিষাণ মৰ্চাই।

আজি সংযুক্ত কিষাণ মৰ্চাৰ হাজাৰ হাজাৰ সদস্য কৃষকে যন্ত-মন্তৰ আন্দোলনস্থলীত আহি প্ৰতিবাদ কৰিব।

দিল্লীকে ধৰি পঞ্জাব, হাৰিয়ানা আৰু পশ্চিম উত্তৰ প্ৰদেশৰ বিভিন্ন স্থানৰ পৰা প্ৰতিবাদস্থলীত পাবহি বুলি সংযুক্ত কিষাণ মৰ্চাই ইতিমধ্যেই ঘোষণা কৰিছে।

উল্লেখ্য যে, আজি কৃষকনেতা সকলে ব্ৰিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে ৰুজু হোৱা দুটাকৈ গোচৰত গ্ৰেপ্তাৰৰ দাবীত কেন্দ্রীয় গৃহ মন্ত্ৰী, দিল্লী আৰক্ষী আয়ুক্ত আৰু কেন্দ্ৰীয় ক্রীড়া মন্ত্ৰীৰ ওচৰত স্মাৰক পত্ৰ দাখিল কৰিব।

লগতে, মৰ্চাৰ ঘোষণা অনুসৰি, যদি ব্ৰিজভূষণ শৰণ সিঙক অতি সোনকালে গ্ৰেপ্তাৰ নকৰে তেতিয়া হ’লে মল্লযোদ্ধাসকলৰ বাবে ন্যায়ৰ দাবীত ১১ মে’ৰ পৰা ১৮ মে লৈ ৰাজ্যসমূহৰ ৰাজধানী আৰু জিলা সদৰত ধৰ্ণা দিব।

লগতে পঢ়ক – চিকিৎসক সংগীতা দত্ত পল্টন বজাৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply