নিউজ ডেস্কঃ মহিলা মল্লযোদ্ধা সংগীতা ফোগাটক আজি দিল্লী আৰক্ষীয়ে বিজ্ৰভূষণ শৰণ সিঙৰ দিল্লীস্থিত বাসগৃহলৈ লৈ যায়। শুক্ৰবাৰে, আৰক্ষীয়ে যৌন নিৰ্যাতন সম্পৰ্কীয় অপৰাধৰ দৃশ্যক পুনৰ নমুমা সৃষ্টি কৰিবলৈ মহিলা মল্লযোদ্ধা গৰাকীক লৈ যোৱা হৈছিল বুলি জানিব পৰা গৈছে।

খবৰ অনুসৰি, সংগীতা ফোগাটৰ সৈতে এগৰাকী মহিলা কনিষ্টবলও আছিল। সূত্ৰঅনুসৰি, শুকুৰবাৰে দুপৰীয়া প্ৰায় ১.৩০ বজাত দিল্লী আৰক্ষীয়ে মল্লযোদ্ধা সংগীতা ফোগাটক ব্ৰিজ ভূষণ সিঙৰ ঘৰলৈ নিয়ে আৰু আৰক্ষীৰ সৈতে তাই বিজ্ৰ ভূষণৰ বাসগৃহত প্ৰায় আধা ঘণ্টা থাকে।

সংগীতা ফোগাটক ক’ত কেনেকৈ যৌন নিৰ্যাতন কৰা হৈছিল তাক মনত পেলাবলৈ কৈ দৃশ্য পুনৰ সৃষ্টি কৰিবলৈ কৈছিল। উল্লেখ্যে যে, বৃহস্পতিবাৰে নাবালক মল্লযোদ্ধা এগৰাকী (কন্যা) পিতৃয়ে কয় যে তেওঁ কুস্তি সংস্থাৰ সভাপতিৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰিছে যাৰ বাবে তেওঁলোকে দিয়া অভিযোগ উঠাই লৈছে।

লগতে পঢঞক – “নীতি আয়োগৰ গৱৰ্নিং ব’ডী”ত গ্ৰহণ কৰা সিদ্ধান্তক কাৰ্যকৰীকৰণৰ বাবে নিৰ্দেশ প্ৰদান অতুল বৰাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply