নিউজ ডেস্ক- আজি এয়াৰ ফৰ্চ ষ্টেচন হিন্দনৰ দায়িত্ব গ্ৰহণ কৰে এয়াৰ কমোডৰ সঞ্জয় চোপ্ৰাই। তেওঁ এয়াৰ কমাণ্ডাৰ বিনয় প্ৰতাপ সিঙৰ পৰা এই দায়িত্বভাৰ গ্ৰহণ কৰে।

এই দায়িত্ব গ্ৰহণ অনুষ্ঠানত এক আকৰ্ষণীয় পেৰেড অনুষ্ঠিত হয়। উল্লেখ্য যে, ১৯৯৫ চনৰ ডিচেম্বৰ মাহত ভাৰতীয় বায়ুসেনাত হেলিকপ্টাৰ পাইলট হিচাপে নিযুক্তি লাভ কৰা এয়াৰ কমোডৰ সঞ্জয় চোপ্ৰা এজন যোগ্য উৰণ প্ৰশিক্ষক।

তেওঁ ৪৭০০ ঘণ্টাৰো অধিক সময় উৰাজাহাজ চলাইছে আৰু চেকেণ্ডৰাবাদৰ কলেজ অৱ এয়াৰ ৱাৰফেয়াৰৰ প্ৰাক্তন ছাত্ৰ আছিল।  তেওঁ বায়ু সেনা পদকো লাভ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply