নিউজ ডেস্ক : কমনৱেলথ গেমছৰ প্ৰথম দিনা ভাৰতীয় খেলুৱৈ সকলে অতি সুন্দৰ প্ৰদৰ্শন দাঙি ধৰাৰ পিছত দ্বিতীয় দিনা ভাৰতীয় খেলুৱৈয়ে অর্জন কৰিলে পদক। সংকেট মহাদেৱ সাগৰে কমনৱেলথ গেমছত ভাৰতৰ হৈ প্ৰথমটো পদক অৰ্জন কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
কমনৱেলথ গেমছৰ দ্বিতীয় দিনা ভাৰোত্তোলনত ভাৰত প্ৰথমটো পদক অৰ্জন কৰে। ভাৰতৰ বাবে প্ৰথমটো পদক অর্জন কৰে সংকেট মহাদেৱ সাগৰে। ভাৰোত্তোলনত ২৪৮ কেজি ওজন দাঙি ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে সংকেট মহাদেৱ সাগৰে।
লগতে পঢ়ক – মঙলদৈৰ নিজ মোগলবেচাত মৃতদেহ উদ্ধাৰ
উল্লেখ্য যে সংকেট মহাদেৱ সাগৰ মাত্ৰ ১ কেজি ওজনৰ ব্যৱধানত সোণৰ পদক লাভ কৰাৰ পৰা বঞ্চিত হয়। মালেইচিয়াৰ প্ৰতিদ্বন্দিৰ হাতত পৰাস্ত হৈ সোণৰ পদক লাভৰ পৰা বঞ্চিত হয় সংকেট মহাদেৱ সাগৰ। ভাৰতৰ প্ৰথমটো পদক জয়ৰ পিছতে উৎফুল্লিত হৈ পৰে ভাৰতীয় খেলুৱৈ সকল।