নিউজ ডেস্ক- কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ম্যানমাৰ চৰকাৰৰ উপ-প্ৰধানমন্ত্ৰী তথা কেন্দ্ৰীয় পৰিবহন আৰু যোগাযোগ মন্ত্ৰী এডমিৰেল টিন অং চানে যুটীয়াভাৱে আজি ম্যানমাৰৰ ৰখাইন ৰাজ্যত চিটৱে বন্দৰ উদ্বোধন কৰে। এই অনুষ্ঠানত তেওঁলোকে প্ৰথমে ভাৰতীয় মালবাহী জাহাজখনক আদৰণি জনায়, যিখনে কলকাতাৰ শ্যামা প্ৰসাদ মুখাৰ্জী বন্দৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল।
চিটৱে বন্দৰৰ কাম-কাজ আৰম্ভ হোৱাৰ লগে লগে দুয়োখন দেশৰে বাণিজ্যিক ক্ষেত্ৰখনে এক নতুন মাত্ৰা লাভ কৰিব। একেদৰে এই বন্দৰটোৱে উত্তৰ-পূবৰ বাণিজ্যক ক্ষেত্ৰখনৰ বাবে বৃহৎ সুযোগ আৰু সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব আৰু ম্যানমাৰৰ ৰখাইন ৰাজ্যৰ স্থানীয় অৰ্থনীতিত অৰিহণা যোগাব। বন্দৰটোৱে প্ৰদান কৰা অধিক সংযোগৰ ফলত অঞ্চলটোত নিযুক্তিৰ সুযোগ আৰু বিকাশৰ সম্ভাৱনা বৃদ্ধি পাব।
উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰীগৰাকীয়ে ভাৰত আৰু ম্যানমাৰ, বিশেষকৈ ম্যানমাৰৰ ৰখাইন ৰাজ্যৰ মাজত ঘনিষ্ঠ ঐতিহাসিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক সম্পৰ্কৰ কথা উল্লেখ কৰে। তেওঁ চিটৱে বন্দৰৰ দৰে উন্নয়নমূলক পদক্ষেপৰ জৰিয়তে ম্যানমাৰৰ জনসাধাৰণৰ উন্নয়ন আৰু সমৃদ্ধিৰ প্ৰতি ভাৰতৰ দীৰ্ঘদিনীয়া দায়বদ্ধতাৰ কথা দোহাৰে।

এই প্ৰকল্পটো ম্যানমাৰৰ কালাদান নদীৰ জৰিয়তে হলদিয়া/কলকাতা/যিকোনো ভাৰতীয় বন্দৰৰ সৈতে মিজোৰামক বিকল্প সংযোগ প্ৰদান কৰাৰ বাবে হাতত লোৱা হৈছিল। প্ৰকল্পটোত মিজোৰামৰ পৰা পালেটৱা(ম্যানমাৰ)লৈ ঘাইপথ/পথ পৰিবহণ আৰু তাৰ পিছত আভ্যন্তৰীণ জল পৰিবহনৰ (আইডব্লিউটি)দ্বাৰা পালেটৱাৰ পৰা চিটৱে (ম্যানমাৰ) আৰু সামুদ্ৰিক জাহাজ পৰিবহনৰ দ্বাৰা চিটৱেৰ পৰা ভাৰতৰ যিকোনো বন্দৰলৈ পৰিকল্পনা কৰা হৈছে। প্ৰকল্পটোত নিম্নলিখিত খণ্ডবোৰ অন্তৰ্ভুক্ত আছে(ইনডেক্স মানচিত্ৰও সংলগ্ন কৰা হৈছে)ঃ
ক)হলদিয়াৰ পৰা ম্যানমাৰৰ চিটৱে বন্দৰলৈ নৌ-পৰিবহনৰ মাধ্যমেৰে ৫৩৯ কিলোমিটাৰ দূৰত্ব।
খ)চিটৱেৰ পৰা পালেটৱা(কালাদান নৈ)লৈ আইডব্লিউটিৰ মাধ্যমেৰে ১৫৮ কিলোমিটাৰ দূৰত্ব।
গ)পালেটৱাৰ পৰা ইণ্ডো-ম্যানমাৰ সীমান্ত(ম্যানমাৰত)লৈ পথেৰে ১১০ কিলোমিটাৰ দূৰত্ব।
ঘ)ইণ্ডো-ম্যানমাৰ সীমান্তৰ পৰা ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথলৈ(ভাৰতৰ)পথেৰে ১০০ কিলোমিটাৰ দূৰত্ব।

ভাৰত চৰকাৰৰ অনুদান সাহায্য পুঁজিৰ অধীনত কালাদান মাল্টি-মোডেল ট্ৰেঞ্জিট ট্ৰেন্সপোৰ্ট প্ৰকল্পৰ (কেএমটিটিপি) অংশ হিচাপে চিটৱে বন্দৰৰ বিকাশ কৰা হৈছে। এই প্ৰকল্প সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱাৰ পিছত ভাৰতৰ পূব উপকূলক চিটৱে বন্দৰৰ জৰিয়তে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ সৈতে সংযোগ কৰা হ’ব।