নিউজ ডেস্ক: কেন্দ্ৰীয় চৰকাৰৰ ৬৬টা মন্ত্ৰ্যালয়ৰ ভিতৰত নিটি আয়োগৰ অধীনস্থ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দপ্তৰে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। নিটি আয়োগৰ অধীনস্থ উন্নয়ন নিৰীক্ষণ আৰু মূল্যায়ন কাৰ্যালয়ৰ দ্বাৰা সদ্যঘোষিত তথ্য প্রশাসন গুণগত মান সূচকৰ প্ৰতিবেদনৰ ফলাফলত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰিচালিত বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রালয়ে দ্বিতীয় স্থান লাভ কৰিছে।

উল্লেখযোগ্য যে ২০২২-২৩ বিত্তীয় বৰ্ষৰ ত্রিমাসিক মূল্যায়ন অনুসৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে ৫ৰ ভিতৰত ৪.৭ নম্বৰ লাভ কৰিছে।

নিটি আয়োগৰ এই প্ৰতিবেদনৰ সন্দৰ্ভত প্রতিক্রিয়া ব্যক্ত কৰি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয় যে ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন আত্মনিৰ্ভৰ দেশ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে দায়বদ্ধতাৰে কাম কৰি আছে। এনে দায়বদ্ধতাৰ বাবেই এই স্বীকৃতি সম্ভৱ হৈছে।

লগতে তেওঁ কয় যে এয়া আমাৰ বাবে এক অনন্য প্রাপ্তি । আনহাতে, এই সফলতাই আমাক উৎসাহিত কৰিব বুলি উল্লেখ কৰি তেওঁ কয় আনগত দিনত তেওঁৰ মন্ত্ৰালয়ে আৰু অধিক উন্নত ফল প্ৰদৰ্শনৰ বাবে কাম কৰি যাব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply