নিউজ ডেস্ক: অহা ৫জুনত পাঠশালাৰ পাঠলাস্থিত এক নং শিৱ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হব বৃহত্তৰ বজালীৰ কৃষ্টি-সংস্কৃতি আৰু সাহিত্য চৰ্চাৰ অন্যতম অনুষ্ঠান জোনাকী মেলৰ সভা। এই মাহৰ সভাৰ সৈতে সংগতি ৰাখি অনুষ্ঠিতব্য সভাত বৰপেটা সত্ৰৰ প্ৰয়াত বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাক জোনাকী মেল পৰিয়ালে মৰণোত্তৰভাৱে ‘সত্ৰীয়া সূৰ্য বটা’ প্ৰদান কৰিব।
উল্লেখ্য যে বুঢ়াসত্ৰীয়াগৰাকীৰ মহাপ্ৰয়াণৰ দিনাই জোনাকী মেলে ঘোষণা কৰি থোৱা অনুসৰি এইবেলি বিশ্ব পৰিবেশৰ দিনাখন অনুষ্ঠিত হ’বলগীয়া ‘জোনাকী মেল’ত প্ৰয়াত সত্ৰীয়াগৰাকীৰ পৰিয়ালক এই বঁটা অৰ্পণ কৰা হ’ব।
বজালী জিলাৰ প্ৰাক্তন উপায়ুক্ত তথা বিশিষ্ট সাহিত্যিক, অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ভাৰতভূষণ দেৱচৌধুৰীক ‘বজালী গৌৰৱ বঁটা’ প্ৰদান কৰা হ’ব ।
আৱাহন থিয়েটাৰৰ জন্মদাতা তথা ‘অসম সৌৰভ’ বঁটা লাভ কৰা কৃষ্ণ ৰয়ক ‘বজালী বৈভৱ বঁটা প্ৰদানৰ লগতে ২০২১-২২ বৰ্ষৰ বাবে সাহিত্যিক পেন্সন লাভ কৰা বজালীৰ দুই কীর্তিমান সাহিত্যিক ক্ৰমে ধীৰেন্দ্ৰ তালুকদাৰ আৰু ড° বসন্ত শৰ্মাক সম্বর্ধনা জনোৱা হ’ব। লগতে বজালীৰ বিশিষ্ট শিল্পী, সাহিত্যিক তথা ৰাষ্ট্ৰীয় কলাৰত্ন বঁটাপ্ৰাপক লক্ষ্মী দাসক ‘কলা প্রভাকৰ’ বঁটা প্ৰদান কৰা হ’ব।