নিউজ ডেস্ক- বিগত কেবাবছৰে বন্ধ হৈ থকা গুৱাহাটী মহানগৰীৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ ৰবীন্দ্ৰ ভৱনৰ মেৰামতিৰ নামত প্ৰায় ৮ কোটি টকাৰ দুৰ্নীতি হৈছে। আজি গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি সাংবাদিক হেমন্ত শৰ্মা আৰু অনুপম হাজৰিকাই অভিযোগ উপস্থাপন কৰে।

উল্লেখয যে, বিগত ১৬ মাৰ্চত তথ্য জনা অধিকাৰ আইনৰ সহায় লৈ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৰা ৰবীন্দ্ৰ ভৱনৰ মেৰামতিৰ সবিশেষ তথ্যৰ লগতে আন দুটামান সৰু তথ্যও বিচৰা হৈছিল যদিও বিভাগৰ তৰফৰ পৰা তিনিটা প্ৰশ্নৰ উত্তৰ দি বাকী মেৰামতিৰ সবিশেষ তথ্য লোকনিৰ্মাণ বিভাগলৈ ঠেলি দিলে৷

তেওঁলোকে উল্লেখ কৰে যে, ৰিপোৰ্ট অনুসৰি মেৰামতিৰ হিচাপ তথা সবিশেষ তথ্য দিলে এনেধৰণেৰে– ‘উত্তৰ-পূব ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সাংস্কৃতিক প্ৰেক্ষাগৃহ হিচাপে এই গৃহটোতে চৰকাৰী, বেচৰকাৰী আদি বিভিন্ন অনুষ্ঠানৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হৈছিল৷ যোৱাবছৰৰ জুনত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটী চহৰৰ প্ৰায়ভাগ অঞ্চল পানীৰ তলত থাকিবলগীয়া হোৱাৰ দৰে ৰবীন্দ্ৰ ভৱনৰ চাৰিওপিনে পানীৰে ভৰি আছিল৷ যাৰ ফলত প্ৰেক্ষাগৃহৰ ভিতৰত পানী নিগৰি নিগৰি সোমাই কাৰ্যসূচী ৰূপায়ণত বাধাগ্ৰস্ত হৈছিল৷

অৱশেষত বিভাগীয় সঞ্চালক মহোদয়ৰ চিঠি নং CAM. ৩৫/২০২২/১০ dtd. ১৭/০৬/২০২২ মৰ্মে তাৎক্ষণিত হিচাপে পানী বন্ধ কৰাৰ বাবে প্ৰেক্ষাগৃহটোৰ মজিয়াখন পুনৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল৷ কিয়নো তাৎক্ষণিক পুনৰ নিৰ্মাণ নকৰিলে প্ৰেক্ষাগৃহত কাৰ্যসূচী ৰূপায়ণ কৰা সম্ভৱ নহৈছিল৷ সেই মৰ্মে বিভাগীয় ফালৰ পৰা জৰুৰীভাৱে কামটো আৰম্ভ কৰা হৈছিল৷

আনহাতে, এই কামতো সম্পূৰ্ণভাৱে নহওঁতেই ৰবীন্দ্ৰ ভৱনটো একেঠাইতে পুনৰ নিৰ্মাণৰ বাবে ডিপিআৰ প্ৰস্তুত কৰিবলৈ ০৬-০৯-২০২২ তাৰিখে কোকৰাঝাৰত হোৱা কেবিনেট মিটিং মৰ্মে লেটাৰ নং. Min/DR/IC গুPS/CA/২৯/২০২২/৩৪ dtd. Dispur ০৭/০৯/২০২২ বিভাগীয় বিশেষ আয়ুক্ত আৰু বিশেষ সচিবক [গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ] লৈ বিভাগীয় মন্ত্ৰী মাননীয় বিমল বড়াদেৱৰ পৰা পত্ৰ আহে৷ সেই সূত্ৰে মেৰামতিৰ কাম বন্ধ কৰা হয়৷’

 বিভাগটোৰ এনে উত্তৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংবাদিক হেমন্ত শৰ্মাই কয়, ‘সাংস্কৃতিক বিভাগটোৰ পৰা সাধাৰণতে কোনো আয় নহয়৷ খৰচহে হয়৷ ৰবীন্দ্ৰ ভৱনটোৰ পৰা মাহেকত প্ৰায় ৬ লাখকৈ টকা সাস্কৃতিক বিভাগে পায়৷ মেৰামতিৰ নামত প্ৰায় ৮-৯ কোটি টকা খৰচ কৰা হ’ল৷ বাৰিষা পানী সোমায়৷ খৰালিৰ দিনত কিয় খোলা নহ’ল? পানী সোমোৱা বন্ধ হোৱাত কিয় এতিয়াও খোলা হোৱা নাই? ধৰিলোৱা হ’ল ভৱনটো ভাঙি পুনৰ নিৰ্মাণ কৰিব৷ তাৰবাবে ডিপিআৰ প্ৰস্তুত কৰোঁতে কৰোঁতে আৰু এবছৰ লাগিব৷ এই এবছৰত প্ৰায় ৭০-৭৫ লাখ টকা বিভাগে আয় কৰিব পাৰিলেহেঁতেন৷’

আনহাতে, ৰাইজৰ টকাৰে মেৰামতিৰ নামত খৰচ কৰা ৮-৯ কোটি টকাৰ হিচাপ দিবলৈ বিভাগটোৱে ভয় কিয় কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰি সাংবাদিকগৰাকীয়ে অতি সোনকালে এইক্ষেত্ৰত এক উচ্চস্তৰীয় তদন্তৰ দাবী জনাইছে৷ উল্লেখ্য যে বিগত ২০১৮ চনৰে পৰা ৰবীন্দ্ৰ ভৱন বন্ধ হৈ আছিল যদিও মাজতে যোৱা বছৰত কিছুদিনৰ বাবে মুকলি কৰা হৈছিল৷ কিন্তু প্ৰেক্ষাগৃহত পানী সোমোৱাত মেৰামতিৰ বাবে বন্ধ কৰি দিয়া হয় বুলি তেখেতে উল্লেখ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply