নিউজ ডেস্ক-  ৰাজ্যৰ শিক্ষা বিভাগত সংঘটিত হোৱা কেলেংকাৰীত জড়িত হৈ সাংবাদিক, আৰ টি আই কর্মীসহ ৪ জন লোক গ্ৰেপ্তাৰ হৈছে। মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে দুই সাংবাদিক পূজা মণি দাস আৰু ভাস্কৰজ্যোতি হাজৰিকাৰ লগতে আৰ টি আই কর্মী ৰবিজিৎ গগৈ আৰু অনুপ শ‍ইকীয়ক আই এ এছ বিষয়া শেৱালী দেৱী শৰ্মাৰ স্বীকাৰ উক্তিৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে।

জানিব পৰা মতে, প্রাক্তন সঞ্চালক তথা আই এ এছ বিষয়া শেৱালি দেৱী শৰ্মাৰ পৰা পূজা মণি দাসে ৮ লাখ ৭০ হাজাৰ টকা, ভাস্কৰ হাজৰিকাই ৪ লাখ টকা, অনুপ শ‍ইকীয়া ৩৫ লাখ টকা লৈছিল। অনুপ শ‍ইকীয়াই লোৱা ৩৫ লাখ টকা ৰবিজিত গগৈৰ লগত ভাগ বতৰা কৰিছিল।

ইতিমধ্যে ডি এল এড পাঠ্যক্ৰমৰ নামত অসম ৰাজ্যিক শিক্ষা, গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদত (এছ চি ই আৰ টি) সংঘটিত হোৱা ১০৫ কোটিটকীয়া কেলেংকাৰীত নজনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।

ডি এল এড পাঠ্যক্ৰমৰ দূৰৱৰ্তী মুক্ত শিক্ষাৰ জৰিয়তে প্ৰশিক্ষণৰ নামত এছ চি ই আৰ টিত বৃহৎ জালিয়াতি তদানীন্তন সঞ্চালক শেৱালি দেৱী শৰ্মাই সংঘটিত কৰিছিল। মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ তদন্তত উলায় পৰে যে ২৭,৮৯৭ গৰাকী শিক্ষকৰ পৰিৱৰ্তে ১,০৬,৮২৮ গৰাকী শিক্ষকক ভুৱাকৈ প্ৰশিক্ষণ দিয়া দেখুৱাই ধন হৰলুকী কৰা হৈছিল।

উল্লেখ্য যে, শেৱালি দেৱী শৰ্মাই ২০১৭ চনৰ পৰা ২০২২ চনলৈ সংগ্ৰহ কৰা ১০৫ কোটি টকা ব্যয় কৰাৰ হিচাপ দেখুৱায় । তেওঁ  এছ চি ই আৰ টিৰ কাৰ্যালয়ত শীততাপ নিয়ন্ত্রণ যন্ত্র, শৌচাগাৰ নিৰ্মাণ, কাৰ্যালয়ৰ আন্তঃ গাঁথনি উন্নয়ন কৰা দেখুৱাই ভুৱা বিলো দাখিল কৰে। এনেবোৰ তথ্য পোহৰলৈ অহাৰ পিচতে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে ৩/২০২৩ নম্বৰত গোচৰ ৰুজু কৰি পূৰ্বে ৯ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply