নিউজ ডেস্ক: আৰ্থিক অভাৱৰ বাবে বহু অভিভাৱকে সন্তানক ইংৰাজী বিদ্যালয়ত পঢ়োৱাবলৈ অসৰ্মথ হয়, কিন্তু এতিয়া চিন্তাৰ কোনো কাৰণ নাই। গুৱাহাটীৰ নাৰেংগিত মুকলি কৰা হ’ল আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ছাত্ৰ-ছাত্ৰী বাবে এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়।

দেওবাৰে যুৱ নগৰৰ মেগজিনৰ সমীপত মুকলি কৰা হয় এইচ.এল. পোদ্দাৰ প্লাবিক স্কুল নামেৰে এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়। নাৰেংগি অঞ্চলৰ বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী অজয় পোদ্দাৰ আৰু তেওঁৰ সহধৰ্মিনী কাঞ্চন পোদ্দাৰে পিতৃ হীৰালাল পোদ্দাৰৰ স্মৃতিত বিদ্যালয়খন স্থাপন কৰে।

৫২নং ৱাৰ্ডৰ পৰিষদ গুৱাহাটীৰ পৌৰনিগমৰ লোক নিৰ্মাণ বিভাগৰ অধ্যক্ষ গোকুল গোস্বামীয়ে আনুষ্ঠানিকভাৱে বিদ্যালয়খন মুকলি কৰে। তেওঁৰ লগতে উপস্থিত থাকে ৫৭ নং ৱাৰ্ডৰ পৰিষদ কবিতা শৰ্মা, নাৰেংগিৰ উন্নয়ন সমিতিৰ সম্পাদক কমল বৰা লগতে আন বহুকেইগৰাকী বিশিষ্ট ব্যক্তি।

বৰ্তমান বিদ্যালয়খনত নাৰ্চাৰী পৰা তৃতীয় শ্ৰেণীলৈকে পাঠদান আৰম্ভ কৰা হব লগতে বিনামুলীয়া ইউনিফৰ্ম, পাঠ্যপুথি আদিকে ধৰি বিদ্যালয়ৰ মাৰ্চুল বিনামুলীয়া হব লগতে পৰৱৰ্তী সময়ত বিদ্যালয়খনত দশম শ্ৰেণীলৈকে পাঠদানৰ ব্যৱস্থা কৰা হব বুলি ব্যৱসায়ী অজয় পোদ্দাৰে জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply