নিউজ ডেস্কঃ বিজ্ঞান প্ৰযুক্তিৰ ক্ষেত্ৰত আন এক অভিলেখ গঢ়িলে ভাৰতৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে। ভাৰতৰ  বিভিন্ন ৰাজ্যৰ স্কুলীয়া শিক্ষাৰ্থীয়ে নিৰ্মাণ কৰা ১৫০ টা কৃত্ৰিম উপগ্ৰহ দেওবাৰে উৎক্ষেপণ কৰা হয়। এ পি জে আব্দুল কালাম ছেটেলাইট লন্স ভেহিকল মিছন-২০২৩ অংশ স্বৰূপে ইয়াক কাৰ্যক্ষম কৰা হয়।

তামিলনাডুৰ চেংগালপাট্ট জিলাৰ পাট্টিপোলাম গাঁৱত এ পি জে আব্দুল কালাম ছেটেলাইট লন্স ভেহিকল মিছন-২০২৩ এই উৎক্ষেপণ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয়। শুভাৰম্ভণি সময়ত তেলেংগানাৰ ৰাজ্যপাল তামিলসাই সৌন্দৰ্যৰা উপস্থিত আছিল।

বিবৃতিঅনুসৰি, এই অভিযানে নিৰ্বাচিত শিক্ষাৰ্থীসকলক বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিতৰ বিষয়ে অধিক জানিবলৈ সুযোগ প্ৰদান কৰিছে।

তামিলনাডুৰ এক অলাভজনক সংগঠন মাৰ্টিন ফাউণ্ডেচনে এই প্ৰকল্পটোৰ ৮৫ শতাংশ পুঁজি যোগান ধৰিছিল।

উল্লেখযোগ্য যে, প্ৰথম পৰ্যায়ত দেশৰ বিভিন্ন ৰাজ্যৰ ৫০০০ তকৈ অধিক শিক্ষাৰ্থীক ১ কিল’গ্রাম অথবা তাতকৈ কম ওজনৰ পিক’ ছেটেলাইট আৰ্হিৰ তৈয়াৰৰ বাবে প্ৰশিক্ষণ দিয়া হৈছিল । পিছত মুঠ ২০০০ শিক্ষাৰ্থীক এই ৰকেট প্ৰকল্পৰ বাবে নিৰ্বাচিত কৰা হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply