গুৱাহাটী: আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ্য দিৱস উপলক্ষে যোৱা ২২ মে’ত অসম ৰাজ্যিক জৈৱ বৈচিত্ৰ্য ব’ৰ্ডে “Building A Shared Future For All Life” শীৰ্ষক এলানি বিশেষ কাৰ্য্যসূচী আয়োজন কৰে।

এই উপলক্ষে ১৮ আৰু ১৯ মে’ত গ্ৰুপ এ আৰু গ্ৰুপ বি ক্ৰমে ষষ্ঠৰ পৰা অষ্ট্ম শ্ৰেণী আৰু নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ দুটা গোটৰ মাজত এক অনলাইন কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।

গ্ৰুপ ‘এ’ত গুৱাহাটীৰ এক্সেল পাব্লিক স্কুলৰ প্ৰজ্ঞান শৰ্মা (১ম), অশ্বিন ডে (২য়) আৰু হৰ্ষিত তিৱাৰী (৩য়) বিজয়ী হোৱাৰ বিপৰীতে গ্ৰুপ ‘বি’ত মাজুলীৰ কৰহালগাঁও বাপুজী হাইস্কুলৰ নৰেন্দ্ৰ শইকীয়া (১ম), নলবাৰীৰ নলন্দা পাব্লিক স্কুলৰ কৰণ কলিতা (২য়) আৰু গুৱাহাটীৰ এক্সেল পাব্লিক স্কুলৰ প্ৰগতি ৰাজকুমুৰী বিজয়ী হয়।

ইয়াৰ উপৰি কাৰ্য্যসূচীৰ অংশ হিচাপে ২২ মে’ত অসম ৰাজ্যিক চিৰিয়াখানাত অনুষ্ঠিত কৰা এক ‘ফটো ৱাক’ত ৩০ গৰাকী প্ৰাৰ্থীয়ে পঞ্জীয়ন কৰে আৰু অংশগ্ৰহণকাৰীসকলে ৮১টা প্ৰজাতিৰ উদ্ভিদ আৰু জীৱ-জন্তুক কেমেৰাৰ ফ্ৰেমত আৱদ্ধ কৰে।

আনহাতে ২২ মে’ত অনুষ্ঠিত এক ৰাজ্যিক পৰ্যায়ৰ অনলাইন অনুষ্ঠানত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক পৰিমল চন্দ্ৰ ভট্টচাৰ্যই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা উক্ত অনুষ্ঠানত আৰণ্যকৰ  মুখ্য কাৰ্য্যবাহী বিষয়া বিভৱ তালুকদাৰে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে।

অনুষ্ঠানটোত মূল ভাষণ প্ৰদান কৰে কটন বিশ্ববিদ্যালয়ৰ ড০ নাৰায়ণ শৰ্মা আৰু অসমৰ কামৰূপ পশ্চিমৰ ডি এফ অ’ৰ আই এফ এছ ডিম্পী বৰাই। অনুষ্ঠানৰ লগত সংগতি ৰাখি অসম ৰাজ্যিক জৈৱ বৈচিত্ৰ্য ব’ৰ্ডৰ “Dima Hasao- An Unexplored Biodiversity” শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰা হয়।

লগতে পঢ়ক – ধর্ষণৰ অভিযুক্ত আফুৰুদ্দিন ইছলাম আৰক্ষীৰ গুলীত আহত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply