নিউজ ডেস্কঃ নাছাই সোমবাৰে চন্দ্ৰ অভিযান আৰ্টেমিস-২ৰ বাবে দলটো ঘোষণা কৰে। ইয়াৰ বাবে, চাৰিজন মহাকাশচাৰী বাছনি কৰা হৈছে, যিসকলে অহা বছৰ চন্দ্ৰক প্ৰদক্ষিণ কৰিবলৈ উৰা মাৰিব। প্ৰায় ৫০ টা বছৰৰ পিছত মহাকাশচাৰীয়ে চন্দ্ৰৰ আটাইতকৈ ওচৰলৈ যাব।
নাছাই ঘোষণা কৰা চাৰি মহাকাশচাৰী নাম হৈছে ক্ৰিষ্টিনা ক’চ, জেৰেমি হেনচন, ভিক্টৰ গ্লোভাৰ আৰু ৰীড ৱাইজমেনক।
আৰ্টেমিস-২ এটা নাছাৰ চন্দ্ৰ অভিযানৰ অংশ । এইটো আৰ্টেমিস শৃংখলাৰ দ্বিতীয় অভিযান। যোৱা বছৰত প্ৰথমবাৰৰ বাবে আৰ্টেমিস অভিযান আৰম্ভ কৰা হৈছিল যিটো নাছাই সফলতা প্ৰাপ্ত কৰিছিল। যদি নাছাই ২০২৪ চনত সফলতাৰে আৰ্টেমিস-২ অভিযান সম্পন্ন কৰে তেতিয়া হ’লে পৰৱৰ্তী চন্দ্ৰ অভিযান আৰম্ভ কৰিব। এই অভিযানত মহাকাশচাৰীসকলে চন্দ্ৰক একেবাৰে নিচেই কাষৰ পৰা প্ৰদক্ষিণ কৰিব।
নাছাই এই অভিযানৰ বাবে এগৰাকী মহিলা মহাকাশচাৰীৰ নামও অন্তৰ্ভুক্ত আছে। এগৰাকী মহিলাই প্ৰথমবাৰৰ বাবে চন্দ্ৰ অভিযানত যাব। চন্দ্ৰলৈ যোৱা প্ৰথম গৰাকী মহিলা মহাকাশচাৰীৰ নাম হিচাপে ক্ৰিষ্টিনা ক’চ নাম অন্তভুক্ত হ’ব। ক্ৰিষ্টিনা ক’চ পেছাত এগৰাকী বৈদ্যুতিক অভিযন্তা। তাই আগতে ৬ বাৰকৈ মহাকাশলৈ গৈছিল। এই অভিযানত, তেওঁ মিছন বিশেষজ্ঞৰ ভূমিকা পালন কৰিব।

কানাডিয়ান মহাকাশচাৰী জেৰেমি হেনচনক নাছাৰ দ্বাৰা দ্বিতীয় মিছন বিশেষজ্ঞ হিচাপে মনোনীত কৰা হৈছে। ৪৭ বছৰীয়া হেনছেনক ২০০৯ চনত মহাকাশচাৰী হিচাপে নিৰ্বাচিত কৰা হৈছিল। নাছাৰ এই অভিযানৰ পাইলট হ’ব ভিক্টৰ গ্লোভাৰ।

ভিক্টৰ জে গ্লোভাৰ এজন নাছামহাকাশচাৰী আৰু নৌ-বিমান চালক। তেওঁৰ প্ৰথম স্পেচফ্লাইট মিছনত, তেওঁ স্পেচএক্সৰ ক্ৰু ড্ৰেগন কেপচুলৰ ক্ৰু-১ ফ্লাইটত পাইলট হিচাপে কাম কৰিছিল, যাক ২০২০ চনৰ ১৫ নম্বেৱৰত উৎক্ষেপণ কৰা হৈছিল। ক্ৰু-১ আছিল আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ প্ৰথম কাৰ্যকৰী বাণিজ্যিক ক্ৰু মিছন।

নাছাই ৰীড ৱাইজমেনক এই অভিযানৰ কমাণ্ডাৰ হিচাপে বাছনি কৰিছে। ৰিড ৱাইজমেন এজন আমেৰিকান মহাকাশচাৰী, অভিযন্তা আৰু নৌ-এভিয়েটৰ। ৱাইজমেন ২০০৯ চনৰ জুন মাহত নাছাৰ মহাকাশচাৰী গোট ২০ ৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল ।

লগতে পঢ়ক – দেশজুৰি জনসাধাৰণৰ প্ৰতিক্ৰিয়া পিছতেই ৬৫১ বিধ ঔষধৰ মূল্য হ্ৰাস