নিউজ ডেস্কঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰো) নতুন ৰকেট এছএছএলভি-ডি২(SSLV-D2) ক শুক্ৰবাৰে ৰাতিপুৱা ৯.১৮ বজাত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা সফল উৎক্ষেপণ কৰা হয় । ৩৮ মিটাৰ উচ্চতা আৰু ২ মিটাৰ ব্যাসৰ স্মল ছেটেলাইট লান্স ভেহিকেল ৰকেটটোৰ সৈতে তিনিটা মিনি, মাইক্ৰ’ আৰু নেনো উপগ্ৰহৰ লৈ যোৱা হৈছিল।
ইছৰো য়ে নিজা অফিচিয়েল টুইটাৰ একাউন্টৰ পৰা টুইট কৰি সফল উৎক্ষেপণৰ বিষয়ে ঘোষণা কৰি জনাই যে, “মিছন সফলতাৰে সম্পূৰ্ণ হৈছে। এছএছএলভি-ডি২য়ে ইঅ’এছ-০৭ (EOS-O7), জানুছ-১ (Janus-1) আৰু আজাদিছেট-২ (Azaadisat-2) ক তেওঁলোকৰ নিদিষ্ট কক্ষপথত ৰাখিছে,” ।
সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ প্ৰথমটো উৎক্ষেপণ পেডৰ পৰা এই সফল অভিযানটো আৰম্ভ হৈছিল। উৰণৰ প্ৰায় ১৫ মিটিৰ পিছতেই কৃত্ৰিম উপগ্ৰহ ইঅ’এছ-০৭ (EOS-O7) য়ে এছএছএলভি-ডি২ ৰ পৰা পৃথক হৈ নিদিষ্ট স্থানত স্থাপন হয়। তাৰ ঠিক প্ৰায় ১.৬ মিনিটৰ পিছত জানুছ-১ (Janus-1) আৰু আজাদিছেট-২ (Azaadisat-2) ও সফলতাৰে নিদিষ্ট স্থান ল’বলৈ সক্ষম হয়। বৰ্তমান কৃত্ৰিম উপগ্ৰহ কেইটা পৃথিৱীৰ পৰা ৪৫০ কি.মি. দূৰত্বত অৱস্থান কৰি আছে।
কৃত্ৰিম উপগ্ৰহ ১৫৬.৩ কে জি ওজনৰ ইঅ’এছ-০৭ ক ইছৰোৰ বিজ্ঞানী সকলে নিৰ্মাণ কৰাৰ লগতে ১০.২ কে জিৰ জানুছ-১ ক আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠান এণ্টাৰিছৰ দ্বাৰা নিৰ্মিত। ইফালে ৮.৮ কে জি ওজনৰ নেনো উপগ্ৰহ আজাদিছেট-২ ক চেন্নাইস্থিত মহাকাশ স্পেচকিডজৰ ছাত্ৰীয়ে নিৰ্মাণ কৰিছে। য’ত সমগ্ৰ ভাৰতবৰ্ষৰ ৭৫০ গৰাকী ছাত্ৰী আজাদিছেট-২ ৰ নিৰ্মাণৰ সৈতে জড়িত।
উল্লেখযোগ্য যে, এইটো ভাৰতীয় মহাকাশ সংস্থাৰ দ্বাৰা ক্ষুদ্ৰ উপগ্ৰহ উৎক্ষেপণ বাহনৰ দ্বিতীয় উন্নয়নমূলক উৰণ আছিল। বিগত বছৰৰ ৯ আগষ্টত এছএছএলভিৰ প্ৰথমটো পৰীক্ষামূলক উৰণ আংশিক বিফলতাৰে সমাপ্ত হৈছিল যাৰ বাবে মহাকাশ সংস্থাটোৰ বিজ্ঞানী সকলে আকৌ ইয়াক সফলতাৰে উৎক্ষেপণ কৰিবৰ বাবে পুনৰ নিৰ্মাণ কৰে।
লগতে পঢ়ক – Crutch লৈ খোজকঢ়া দেখা গ’ল ক্ৰিকেটাৰ ঋষভ পণ্টক