নিউজ ডেস্ক: ভাৰতীয় সেনা বাহিনীৰ নামত এটা নতুন প্ৰজাতিৰ কেঁকোসাপৰ নামকৰণ কৰা হ’ল। অসমৰ সৰীসৃপবিজ্ঞানী (herpetologist) ড০ জয়াদিত্য পুৰকায়স্থ্যৰ নেতৃত্বত গৱেষকৰ এটা দলে সেনাৰ এটা কেন্দ্ৰত কেঁকোসাপটোক (bent-toed gecko) উদ্ধাৰ কৰে।

মেঘালয়ৰ ৰিভয় জিলাৰ উমৰইস্থিত সেনাবাহিনীৰ কেন্দ্ৰত কেঁকোসাপটোক উদ্ধাৰ কৰা হৈছিল। কেঁকোসাপটোৰ বৈজ্ঞানিক নাম Cyrtodactylus exercitus দিয়া হয়। উল্লেখযোগ্য যে লেটিন ভাষাত exercitus-ৰ অৰ্থ হৈছে ‘সেনা’।

দেশৰ বাবে ভাৰতীয় সেনাই আগবঢ়োৱা সেৱাৰ প্ৰতি সন্মান জনাই উক্ত নামটো দিয়া হৈছে বুলি ড০ জয়াদিত্য পুৰকায়স্থ্যই জানিবলৈ দিয়ে। কেঁকোসাপটোৰ ইংৰাজী নাম হৈছে – Indian army’s bent-toed gecko।

মেঘালয়ৰ উপৰি ড০ জয়াদিত্য পুৰকায়স্থ্যৰ গৱেষকৰ দলটোৱে মিজোৰামতো bent-toed gecko-ৰ এটা নতুন প্ৰজাতি উদ্ধাৰ কৰে। মিজোৰামত উদ্ধাৰ কৰা কেঁকোসাপৰ প্ৰজাতিটোৰ বৈজ্ঞানিক নাম হ’ল Cyrtodactylus siahaensis আৰু ইংৰাজীত Siaha bent-toed gecko বুলি নাম নামাকৰণ কৰা হয়।

লগতে পঢ়ক – এলন মাস্কতকৈও ধনী এজন ইউটিউবাৰ!

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply