নলবাৰী : শনিবাৰে নলবাৰী জিলাৰ নাট্যমন্দিৰত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ দ্বাৰা ৰূপায়িত “সখী এক্সপ্ৰেছ” ২০২১-২২ বিত্তীয় বৰ্ষৰ অধীনত ৭ টা উন্নয়ন খণ্ডৰ সামূহিক কৰ্মী সকলৰ মুঠ ১৯৬ গৰাকী মহিলাৰ মাজত স্কুটি বিতৰণ কৰা হয়। এই উন্নয়ন খণ্ডৰ সামূহিক কৰ্মী সকল ক্ৰমে বেংক সখী, কৃষি সখী, পশু সখী, বীমা সখী।

এই বিতৰণ অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী বিভাগ, চীড আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ভাষণত কয় যে, “অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো মূহুৰ্ততে নাৰী সৱলীকৰণৰ ওপৰত বিশেষভাৱে গুৰুত্ব দি আহিছে। যদি এখন সমাজৰ মহিলা সকল স্বাৱলম্বী হ’ব নোৱাৰে, তেনেহ’লে সমাজখনৰ কেতিয়াও পূৰ্ণাংগ বিকাশ হ’ব নোৱাৰে। সেইহেতু মূখ্যমন্ত্ৰীয়ে বৰ্তমানলৈ যিমানবোৰ আঁচনি প্ৰস্তুত কৰিছে, সেই সকলোবোৰৰ মাজত নাৰীৰ প্ৰাধান্যতাত অধিক গুৰুত্ব দিছে। ‘অৰুণোদয়’ আঁচনিত মহিলা সকলক প্ৰধান গুৰুত্ব দিয়াৰ কাৰণটোয়ে হ’ল, যাতে, এগৰাকী মহিলা স্বাৱলম্বী হৈ নিজৰ পৰিয়ালক নেতৃত্ব প্ৰদান কৰিব পাৰে।”

মন্ত্ৰী গৰাকীয়ে নাৰী সমাজক উদ্দেশ্যি কয় যে, আমাৰ পুৰুষপ্ৰধান সমাজব্যৱস্হাত পূৰ্বতে বহু সময়ত নাৰী সকলে সমাজ তথা পাৰিবাৰিক মৰ্যাদা লাভৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ আছিল। সেইকাৰণেই, চৰকাৰখনে বিচাৰিছে যাতে সমাজৰ সকলো স্তৰতে মহিলাসকলে সমান অধিকাৰ পায়। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জৰিয়তে অসমত এটা আত্মসহায়ক গোটৰ আন্দোলনৰ আৰম্ভ কৰা হৈছে ; যাতে, এই আত্মসহায়ক গোটসমূহ সঠিকভাৱে গঠন কৰি অৰ্থনৈতিক সাহাৰ্য্য প্ৰদানেৰে মহিলাসকল স্বাৱলম্বী হৈ কাম কৰিব পাৰে।

লগতে পঢ়ক – ভাৰতৰ বাহুবলীঃ নাচাবি ভাৰতক বেয়াকৈ, মাতি আনিব বিক্ৰান্তে কাল!

ইয়াৰোপৰি, বৰ্তমান নলবাৰী জিলাত ১,১২,০০০ পৰিয়ালৰ সাময়িক আৰু ১০,৭৬০ টা আত্মসহায়ক গোট গঠন কৰা হৈছে। চৰকাৰে ইয়াৰ জৰিয়তে এক বৃহৎসংখ্যক লোকক অৰ্থনৈতিকভাৱে সহায় কৰি আহিছে বুলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মন্তব্য আগবঢ়ায়। উল্লেখযোগ্য যে, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত থকা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ দ্বাৰা ৰূপায়িত “সখী এক্সপ্ৰেছ” ২০২১-২২ বিত্তীয় বৰ্ষৰ অধীনত সমগ্ৰ ৰাজ্যৰ গ্ৰামাঞ্চলৰ বিভিন্ন স্তৰত কাম কৰা সখীসকলৰ মাজত ৬,৬৭০ খন স্কুটি (দুচকীয়া) বিতৰণ কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply