নিউজ ডেস্ক: ভাৰতত শীঘ্ৰেই গাড়ীত যাত্ৰা কৰাৰ সময়ত প্ৰতিজন আৰোহীয়ে ছিটবেল্ট পিন্ধাটো বাধ্যতামূলক কৰা হ’ব। অলপতে এক শোকাৱহ পথ দুৰ্ঘটনাত টাটা চন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰিৰ মৃত্যুৰ পিছতে মঙলবাৰে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে এইদৰে কয়।

গাড়ীৰ যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰা বুলি গাডকাৰীয়ে উল্লেখ কৰে।

বাহনখনত থকা প্ৰতিজন যাত্ৰীয়ে চিটবেল্ট পিন্ধাটো বাধ্যতামূলক হ’ব তেওঁ কয় যে পিছৰ আসনত থকা যাত্ৰীসকলেও চিটবেল্ট লগাব লাগিব অন্যথা তেওঁলোকক জৰিমনা বিহা হ’ব।

তিনিদিনৰ ভিতৰত এই নিয়ম বলৱৎ কৰা হ’ব বুলি গাডকাৰীয়ে জানিবলৈ দিয়ে।

ইয়াৰ পূৰ্বে যোৱা সোমবাৰে গাড়ী নিৰ্মাতাসকলক উদ্দেশ্যী তেওঁ ভাৰতত বিক্ৰী হোৱা সকলো গাড়ীত ৬টা এয়াৰবেগ থকাটো বাধ্যতামূলক কৰিবলৈ কয়।

লগতে পঢ়ক – পাঠশালাৰ এইজন যুৱকে YouTube-ৰ পৰা মাহে উপাৰ্জন কৰে ৫ লাখ টকা!

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,479 other subscribers

Leave a comment

Leave a Reply Cancel reply