নিউজ ডেস্ক: ৰাজ্যৰ সকলো বিদ্যালয়লৈ ছেবাই জাৰী কৰিছে এক নতুন নিৰ্দেশনা। বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ সহায়ক হোৱাকৈ শিক্ষা বিভাগে ইতিমধ্যে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । নতুন শিক্ষা নীতিৰ আধাৰত ছাত্ৰ-ছাত্ৰীৰ সহায়ক হোৱাকৈ ছেবাই প’ৰ্টেল সেৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যৰ বিদ্যালয়সমূহলৈ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ নাম ছেবা প’ৰ্টেলত পঞ্জীয়ন কৰাৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ছেবা কৰ্তৃপক্ষই ।

ছেবাৰ সচিব নৰনাৰায়ণ নাথে জানিবলৈ দিয়া মতে, চলিত বৰ্ষৰ ১৫ জুনৰ ভিতৰত নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ নাম ছেবা প’ৰ্টেলত পঞ্জীয়ন বাধ্যতামূলক কৰা বুলি বিদ্যালয়সমূহলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। ছেবাৰ প’ৰ্টেলত আপলোড কৰিব লাগিব নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ নম্বৰ ৷ অহা ৩১ মে ৰ’ ভিতৰত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বছৰেকীয়া পৰীক্ষাৰ নম্বৰ ছেবাৰ পৰ্টেলত অন্তৰ্ভুক্ত কৰিব লাগিব। নিৰ্দিষ্ট সময়ৰ ভিতৰত যিসকল ছাত্র-ছাত্ৰীয়ে পৰীক্ষাৰ নম্বৰসমূহ অনলাইনত অন্তৰ্ভুক্ত নকৰায় সেইসমূহ ছাত্ৰ-ছাত্ৰী পৰৱৰ্তী সময়ত পৰীক্ষাত বহিব নোৱাৰিব ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply