নিউজ ডেস্ক: তিনিদীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত দ্বিতীয় সংখ্যক কোকৰাঝাৰ সাহিত্য মহোৎসৱৰ সামৰণি পৰে। কোকৰাঝাৰৰ গৌৰাং নদী চান্দামাৰীৰ পাৰত অৱস্থিত বডোফা সাংস্কৃতিক প্ৰকল্পত দেওবাৰে আৱেলি মহোৎসৱৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপক অমৰজ্যোতি চৌধুৰীয়ে সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি অধ্যাপক অমৰজ্যোতি চৌধুৰীয়ে এই উৎসৱ বড়ো ভাষা আৰু সংস্কৃতিক শক্তিশালীভাৱে আগবঢ়াই নিয়াৰ এক উত্তম মাধ্যম বুলি মন্তব্য কৰে।
সামৰণি অনুষ্ঠানত বিটিচিৰ মূৰব্বী প্ৰমোদ বড়ো, কেবিনেট মন্ত্ৰী ইউজি ব্ৰহ্ম, আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ অধ্যাপক আব্দুল আলিম আৰু সাহিত্য অকাডেমি বঁটা বিজয়ী মিতেশ নিৰ্মোহী উপস্থিত থাকে।
লগতে পঢ়ক – আমেৰিকাৰ প্ৰথম মহিলা শিখ ন্যায়ধীশ হিচাপে শপত ল’লে ভাৰতীয় মূলৰ মনপ্ৰীত মনিকা সিঙে