নিউজ ডেস্ক- যোৰহাটত নিৰ্মাণ কৰা হ’ব ৰাজ্যৰ দ্বিতীয়টো বৃহৎ অসামৰিক বিমানবন্দৰটো। যোৰহাটৰ নাওশলীয়া গাঁৱৰ ৫০ একৰ মাটিত এই বিমানবন্দৰটো নিৰ্মাণ কৰা হ’ব।

নাওশলীয়া গাঁৱৰ পৰা নিৰ্মাণ হ’ব লগা বিমানবন্দৰটোৰ প্ৰৱেশ পথ নগৰৰ অজন্তা বাইপাছৰ সমীপৰ পৰা ফ’ৰলেনৰ সৈতে সংযোজিত হ’ব। উক্ত বিমানবন্দৰটোৰ বাবে ৩৫ একৰ মাটি ৰাজ্য চৰকাৰ তথা যোৰহাট জিলা প্ৰশাসনৰ জৰিয়তে সংশ্লিষ্ট কর্তৃপক্ষই অধিগ্ৰহণ কৰিছে।

যোৰহাট এয়াৰপৰ্টৰ নিৰ্দেশক কিষণ কুমাৰে জনোৱা মতে, বিগত ১৬ মে’ত নতুন দিল্লীৰ এয়াৰপ’ৰ্ট অথৰিটি অব্ ইণ্ডিয়াৰ এৰ’ড্ৰেম প্লেনিঙৰ আৰ্কিটেক যোৰহাটত উপস্থিত হৈ প্ৰস্তাৱিত যোৰহাট চিভিল এয়াৰপৰ্টৰ ক্ষেত্ৰ পৰিদৰ্শন কৰি যোৱাৰ লগতে যোৰহাট জিলা প্ৰশাসনৰ সৈতেও আলোচনা কৰে। ইতিমধ্যে অধিগ্ৰহণ কৰা মাটিৰ বাবে ৰাজ্য চৰকাৰে মাটিৰ ক্ষতিপূৰণ হিচাপে প্ৰায় ১৫০ কোটি টকাৰ অনুমোদন জনাইছে। প্ৰস্তাৱিত যোৰহাট চিভিল এয়াৰপ’ৰ্টটো অতি উন্নত প্রযুক্তিৰে সংলগ্ন হোৱাৰ লগতে যাত্ৰীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি আধুনিক সা-সুবিধাৰে সংযোজিত হ’ব বুলিও কিষণ কুমাৰে জানিবলৈ দিয়ে।

জানিব পৰা মতে, এই প্ৰস্তাৱিত বিমানবন্দৰৰ চৌহদৰ ভিতৰত যান-বাহন পার্কিঙৰ লগতে বিষয়া-কৰ্মচাৰীৰ আৱাসগৃহও নিৰ্মাণ কৰা হ’ব। যোৰহাট নগৰৰ পশ্চিম দিশৰ অজন্তা বাইপাছৰ সমীপৰ পৰা এয়াৰপ’ৰ্টলৈ ৩০ মিটাৰ বহলকৈ প্ৰৱেশ পথটো নিৰ্মাণ কৰা হ’ব। বিমানবন্দৰটোৰ ভিতৰত যাত্ৰীৰ বাবে এৰ’ব্ৰীজৰো ব্যৱস্থা থাকিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply