নিউড ডেস্কঃ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ১৭ আৰু ১৮ জুলাইত বাংগালুৰুত বিৰোধী দলসমূহ পুনৰ মিলিত হ’ব। এইবাৰ বিৰোধী দলৰ বৈঠকত ২৫ টালৈকে দল জড়িত থাকিব পাৰে। বৈঠকৰ প্ৰথম দিনা ১৭ জুলাইত ছোনিয়া গান্ধীয়ে আম আদমী পাৰ্টি (আপ)কে ধৰি সকলো দলৰ নেতা সকলক নৈশ ভোজনৰ বাবে আমন্ত্ৰণ জনাইছে।

উল্লেখ্য যে, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ২৩ জুনত পাটনাত প্ৰথম বৈঠক আহ্বান কৰিছিল। বৈঠকত, দিল্লীত বিষয়াসকলক বদলি আৰু নিযুক্তি ৰখাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ অধ্যাদেশৰ বিৰুদ্ধে কংগ্ৰেছৰ স্থিতিক লৈ আম আদমী পাৰ্টি খং উঠে। যাৰ বাবে অৰবিন্দ কেজৰিৱালে কয় যে, যদি কংগ্ৰেছে তেওঁক সমৰ্থন নকৰে, তেন্তে তেওঁ দ্বিতীয় খন বৈঠকত উপস্থিত নাথাকিব।

পাটনাত অনুষ্ঠিত বৈঠকত ১৭ টা দলৰ নেতা উপস্থিত আছিল। এইবাৰ, বিৰোধী মিত্ৰতা শক্তিশালী কৰিবলৈ আৰু ৮ টা দলক আমন্ত্ৰণ জনোৱা হৈছে। ইয়াৰ ভিতৰত আছে মাৰুমালাৰ্চি দ্ৰাবিড় মুন্নেত্ৰা কাঝাগম (এমডিএমকে), কংগু দেশমাক্কাল কাচ্চি (কেডিএমকে), বিদুথালাই চিৰুথিগাল কাচ্চি (ভিচিকে), বিপ্লৱী সমাজতান্ত্ৰিক দল (আৰএছপি), অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক, ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ (আইইউএমএল), কেৰালা কংগ্ৰেছ (জোচেফ) আৰু কেৰালা কংগ্ৰেছ (মণি)। এই নতুন দলবোৰৰ ভিতৰত, কেডিএমকে আৰু এমডিএমকে ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত বিজেপিৰ সহযোগী আছিল।

২৩ জুনত অনুষ্টিত হোৱা বৈঠকত ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গে, শৰদ পাৱাৰ, নীতিশ কুমাৰ, লালু প্ৰসাদ, ডি. ৰাজা, সীতাৰাম য়েচুৰী, অখিলেশ যাদৱ, ওমৰ আব্দুল্লা হ’ল,  মেহবুবা মুফতি, মমতা বেনাৰ্জী, এম কে ষ্টালিন,  অৰবিন্দ কেজৰিৱাল,  ভগৱন্ত মান,  সঞ্জয় সিং, ৰাঘৱ চাধা,  হেমন্ত সোৰেন, ৰাজীৱ ৰঞ্জন সিং ওৰফে লালন সিং,  দীপংকৰ ভট্টাচাৰ্য, তেজস্বী যাদৱ, সঞ্জয় ঝা,  উদ্ধৱ ঠাকৰে,  আদিত্য ঠাকৰে আৰু সঞ্জয় ৰাউত উপস্থিত আছিল।

লগতে পঢ়ক – নিৰপেক্ষ স্থানত পাকিস্তানে বিশ্বকাপ ক্ৰিকেটৰ মেচ খেলাৰ দাবী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply