গুৱাহাটী: অসম চৰকাৰৰ জ্যেষ্ঠ প্ৰশাসনিক বিষয়া ৰাজেশ প্ৰসাদৰ দেওবাৰে গুৱাহাটীৰ এখন ব্যক্তিগত হস্পিটালত মৃত্যু হয়। প্ৰসাদ বিগত কিছু প’ষ্ট ক’ভিডজনিত কিছু সমস্যাত ভূগি আছিল।

পত্নী আৰু এটি পুত্ৰ সন্তানক এৰি থৈ যোৱা বিষয়া গৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৫২ বছৰ।

দেওবাৰে দিনৰ প্ৰায় ২.৩০ বজাত মৃত্যু হোৱা প্ৰসাদ যোৱা ২২ জুলাইৰ পৰা মালিগাঁওস্থিত স্বাগত ছুপাৰস্পেচিয়েলিটী হাস্পিটালত ভৰ্তি হৈ আছিল। চিকিৎসালয় সূত্ৰৰ পৰা জানিব পৰা মতে তেওঁ ডায়েবেটিছকে ধৰি লিভাৰ আৰু কিডনীৰ ৰোগত আক্ৰান্ত হৈ আছিল।

প্ৰসাদৰ অকাল মৃত্যুত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ আৰু ৰাজ্যপাল জগদীশ মুখীয়ে গভীৰ শোক প্ৰকাশ কৰাৰ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

অসম-মেঘালয় কেডাৰৰ ১৯৯৫ চনৰ ভাৰতীয় প্ৰশাসনিক বিষয়া ৰাজেশ প্ৰসাদ জন্মসূত্ৰে ঝাৰখণ্ডৰ বাসিন্দা। তেওঁ অসম চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ প্ৰধান সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।

লগতে পঢ়ক – How to: ঘৰতে বহি কেনেকৈ বনাব Driving License 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply