অভয়াপুৰী : নৈৰ বাঢ়নী পানীত পৰি মৃত্যু এগৰাকী ছাত্ৰীৰ। মানাহ নৈৰ বাঢ়নী পানীত পৰি মৃত্যু এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীৰ। মাথাউৰিৰ পৰা পিছলি মানাহ নৈত পৰিছিল দুগৰাকী ছাত্ৰী। এগৰাকী জীৱন্তে উদ্ধাৰ।
ৰাজ্যৰ বানৰ সংহাৰী ৰূপ অব্যাহত থকাৰ মাজতে বঙাইগাঁও জিলাৰ অভয়াপুৰীত মানাহ নৈৰ বাঢ়নী পানীত পৰি এগৰাকী ছাত্ৰী মৃত্যুৰ মুখত পৰে। অভয়াপুৰীৰ বৰজানাত সংঘটিত হৈছে এই শোকাবহ ঘটনা। দুগৰাকী ছাত্ৰী বৰজানা মথাউৰিৰ পৰা পিছলি মানাহ নৈত পৰে।
লগতে পঢ়ক – অসম বৈভৱ ৰতন টাটাৰ সপোনে পোশা মেলিলে টীয়কত
ছাত্ৰী দুগৰাকী পানীয় পৰি যোৱা প্ৰত্যক্ষ কৰি একাংশ স্থানীয় লোকে তৎপৰতাৰে নদীৰ পৰা এগৰাকী ছাত্ৰীক উদ্ধাৰ কৰে যদিও আনগৰাকী ছাত্ৰী পানীত উটি যায়। ৰাইজে দীর্ঘসময় অভিযান চলাই অৱশেষত ছাত্ৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে।