নিউজ ডেস্কঃ নিশা গুৱাহাটী মহানগৰীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন তীব্ৰবেগী মহেন্দ্ৰ স্কৰপিঅ’(AS-01-FK-9605) য়ে ব্ৰয়লাৰ পৰিবাহী বলেৰ’ পিক আপ ভান(AS-01-GC-8829) ত খুন্দা মাৰে।

দুৰ্ঘটনাটোৰ ফলত মহেন্দ্ৰ স্কৰপিঅ’ থকা ১০ জনৰ ভিতৰত ৭ জন লোক থিতাতে নিহত হয়। নিহত আটাইকেইজনে অসম আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ তৃতীয় ষাণ্মাষিকৰ ছাত্ৰ আৰু গোটেই কেইজন মহাবিদ্যালয়খনৰ খনৰ ৭ নম্বৰ হোষ্টেলৰ আৱাসী বুলি জানিব পৰা গৈছে।

নিহত ছাত্ৰকেইজন মাজুলীৰ কমলাবাৰীৰ ৰাজকিৰণ ভূঞা, ডিব্ৰুগড়ৰ ইমন ভূঞা, শিৱসাগৰৰ কৌশিক মোহন, নগাঁৱৰ উপাংশু শৰ্মা, মঙলদৈৰ জ্যোতিনগৰৰ কৌশিক বৰুৱা, গুৱাহাটীৰ অৰিন্দম ভোৱাল আৰু নিয়ৰ ডেকা।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতেই আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ দুৰ্ঘটনাত পতিত হোৱা লোক সকলক উদ্ধাৰ বাবে নিশা বাহন দুখন কাটি কাটি আহত আৰু নিহত সকলক উদ্ধাৰ কৰিব লগীয়া হয়। ব্ৰয়লাৰ পৰিবাহী বলেৰ’ পিক আপ ভানৰ চালকসহ চাৰিজনকৈ লোক সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।

লগতে পঢ়ক – প্ৰধানমন্ত্ৰীয়ে আজি অসমৰ প্ৰথমখন বন্দে ভাৰত ৰেলসেৱাৰ উদ্বোধন কৰিব

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply