নিউজ ডেস্কঃ বিজ্ঞানৰ যুক্তিক জলাঞ্জলি দি অন্ধবিশ্বাসৰ গ্ৰাহত পৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়। এই অন্ধ বিশ্বাসৰ নেতৃত্ব লৈছে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকাই।

জানিব পৰা অনুসৰি, শনি গ্ৰহৰ কোপদৃষ্টিৰ ফলত বিশ্ববিদ্যালয়খনত বিগত কেইটামান বছৰত সংঘটিত হৈ আহিছে কোটি কোটি টকাৰ কেলেংকাৰী, ৰেগিঙৰ দৰে অমানৱীয়। যাৰ বাবে বিশ্ববিদ্যালয়ৰ খনৰ শৈক্ষিক বৌদ্ধিক মহলৰ মাজত এনে অন্ধবিশ্বাসৰ স্থান দি শনি খেদাবলৈ উপাচাৰ্য নেতৃত্বত বিশ্ববিদ্যালয়খনৰ প্ৰশাসনীয় ভৱনত শনিবাৰে আয়োজন কৰা হয় আধ্যাত্মিক নাম-প্ৰসংগৰ।

এনে অন্ধবিশ্বাসৰ প্ৰচয় দিয়াৰ বাবেই উপাচাৰ্য গৰাকী শনিবাৰে বিশ্ববিদ্যালয়খনত অনুষ্ঠিত হোৱা ছাত্ৰ-ছাত্ৰী বিদায়ৰ আনুষ্ঠানিক সভাত উপস্থিত নাথাকে। আনুষ্ঠানিক সভাত উপাচাৰ্যক আমন্ত্ৰণ জনোৱাৰ বাবে এখন আসনৰো ব্যৱস্থা মঞ্চত কৰিছিল অনুষ্ঠানটো আয়োজন কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভা সদস্য-সদস্যা সকলে। কিন্তু বৌদ্ধক ক্ষেত্ৰত খনত ছাত্ৰ-ছাত্ৰীসকলক উদগনি জনোৱাত কৈ শনিক বিশ্ববিদ্যালয়ৰ পৰা মুক্ত কৰাৰ বাবে হে ব্যস্ত থাকিল উপাচাৰ্য।

প্ৰতিদিন সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি, উপাচার্য ড° হাজৰিকাই স্বয়ং একাংশ শিক্ষক-শিক্ষয়িত্রী, বিষয়া- কৰ্মচাৰীক বিশ্ববিদ্যালয়খনত সংঘটিত হৈ অহা অপায়-অমংগল দূৰ কৰাৰ বাবে এনে অনুষ্ঠানৰ আয়োজন কৰা বুলি জনোৱাৰ লগতে তেওঁলোকৰ উপস্থিতি কামনা কৰে।

পিছে এই নাম-প্ৰসংগৰ আয়োজন নিজেই সৃষ্টি কৰা নাই উপাচাৰ্যয়ে। ইয়াৰ বাবে উপাচাৰ্যয়ে জ্যোতিষ বিজ্ঞানৰ প্ৰচলিত ধ্যান-ধাৰণাক প্রাধান্য দিহে এই আধ্যাত্মিক নাম-প্ৰসংগৰ আয়োজন কৰে।

যিখন বিশ্ববিদ্যালয়ত মাইকেল স্ফিংকছৰ দৰে মহাকাশচাৰীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত মহাকাশৰ পৰাই অংশগ্রহণ কৰিছিল। তেনে এখন বিশ্ববিদ্যালয়ত উপাচাৰ্যৰ দ্বাৰা পৰিচালিত এনে শনি খেদাবৰ বাবে কৰা কৰ্ম কাণ্ডয়ে বৌদ্ধক মহলে কিদৰে প্ৰতিক্ৰিয়া কৰে সেইয়া সময়তহে লক্ষণীয় হ’ব।

লগতে পঢ়ক – “প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি” আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা বৈঠক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply